জীৱন কি মোক সুধিবা – কল্পনা বৰা

Pc- Astrid Baumgardner

জীৱন কি মোক সুধিবা

 কল্পনা বৰা
                 গোলাঘাট

জীৱনৰ চাকনৈয়াত পাক ঘূৰণি খাই
মই ওলমি ৰৈছো‌ঁ এটি শূন্যত ,
জীৱন সমীকৰণত বিয়োগ ফলাফল আৰু কিমান পাবা!
জীৱন কি মোক সুধিবা ….
তুমি জীৱনৰ অৰ্থ কি বুজিবা..?

সুৰুযে পূবাকাশত ৰঙচুৱা হৈ দেখা দিয়াৰ আগৰ কথা—–
চাৰি বজাতেই ভগা চাইকেলখন লৈ ঢাপলি মেলোঁ,
শৰীৰ শিহৰিত কৰা এজাকি চেঁচা বতাহ
ছায়া হৈ সংগী ৰূপে ৰয় মোৰ ।
শিলচপৰা যেন পথাৰৰ কেঁচা মাটিত মোৰ দুৰ্বাৰ অত্যাচাৰ,
অত্যাচাৰৰ ভৰ সহিব নোৱাৰি মাটিবোৰ ভাগি গুৰি হৈ যায় —
সমান্তৰালভাৱে মোৰ তেজবোৰ পানী হয় ,
ভাগৰুৱা উশাহত বিয়পিব ধৰে মোৰ কলিজাৰ হাঁহি।
মই কি কৰোঁ মোক নুসুধিবা… !
পাৰিলে মোৰ শেঁতা পৰা মুখৰ হাঁহিটিলৈ চাবা,
তুমি নিজেই বুজিবা ।

ভগা চাইকেলৰ কেৰেক-মেৰেক শব্দ,
পদূলিত ৰৈয়েই ষ্টেণ্ড নোহোৱা চাইকেলখন
আওজাই দিওঁ ভগা জেওৰাখনৰ কাষৰ তামোলজোপাত  ।
ঘৰৰ মূধচৰ উঁৱলি যোৱা চালিখন ঠিক-ঠাক কৰিবৰ হ’ল,
যোৱা ৰাতিৰ বৰষুণজাকে মজিয়াখনো তিয়াই বোকাময় কৰি গ’ল।
সেইবোৰলৈ কাণসাৰ কৰাৰ সময়কণ পিছে নাই মোৰ এতিয়া,
লৰালৰিকৈ ভাতমুঠি খাই
খঙত উগ্ৰমূৰ্তি ধৰি খাও খাও কৰা
ৰঙা বেলিটি মূৰত লৈ ওলাই যাওঁ গোটেই দিনলৈ ।
পৰিশ্ৰমৰ ভৰত কঠুৱা আঙুলিবোৰো ফাটিব ধৰিছে,
ফটা চোলাটোৰ বাবে ৰ’দত পিঠিখনো যে বৰকৈ পুৰিছে।

আন্ধাৰে চৌপাশ ছানি ধৰাৰ আগেয়ে ঘৰৰ দুলাৰডলিত খোজটো দিওঁ
দুপইচা হাতত পাই মূৰৰ বিষ, জ্বৰেও ভাগৰাব পৰা নাই মোক।
পৰিয়ালটিৰ হাঁহিবোৰ দেখি
মোৰ অৱস দেহত বিয়পিছে এটি নিমজ হাঁহি ।
যি হওঁক, শান্তিৰে এটি নিশ্বাস এৰি উশাহটো টানি ল’লো ।
দুচকুত টোপনি মোৰ নাই —–
বেৰৰ জলঙাৰে ৰাতিৰ আকাশখন চাব খোজোঁ,
তৰাবোৰ গণিব খুজিও বাৰে বাৰে উজুটি খাওঁ ।
এটি দুটিকৈ হাজাৰটি তৰা —-
চকু ছাট মাৰি ধৰা তৰাবোৰৰ মাজতো যেন ৰৈ যায়
ম্লান মুখৰ এটি মটিয়া তৰা,
ঠিক মোৰ দৰে——- ।

তোমাক সুধিছোঁ, তুমি জীৱনৰ অৰ্থ কি বুজিবা…?
জীৱন কি মোক সুধিবা .. ।