জীৱন কচুপাতৰ পানী – দিপ্তী মনি গোস্বামী

PC - Unsplash
জীৱন কচুপাতৰ পানী
দিপ্তী মনি গোস্বামী, লখিমপুৰ
জীৱন কচুপাতৰ পানী
আচম্বিতে অহা ধুমুহা বৰষুণত
হয় আলৈ – আথানি।
ধুমুহাই ভাঙে জীৱন ডিঙাৰ
আলসুৱা ঠুনুকা ঘৰ
ভূমিকম্প হৈ কম্পন তোলে থৰ-থৰ।
ভূমিকম্পৰ জোকাৰনিত
হৃদয়ৰ বলুকাত মেলে ফাট
থাউনি হেৰাই জীৱন সংজ্ঞাত।
আকাশী নীলাৰ ফৰকালত
মাথোঁ সুস্থিৰ গৰ্বিত কচুপাতত
অনাকাংক্ষিত বতাহ -বৰষুণে কৰে নস্যাৎ।
গৰ্ব অহংকাৰ কেৱল দুদিনৰ নাম
যেতিয়া কাল সন্ধ্যাই পাখি মেলি আহে
ক্ষণিকতে লীন যায় মিছা অভিমান।