জীৱন এটি লজ্জা – সবিতা বেগম

জীৱন এটি লজ্জা 
সবিতা বেগম, বৰপেটা
ভাল লগা শব্দবোৰ
অন্বেষণ কৰি কৰি
ক্ৰমাৎ মই
বাৰুকৈ ক্লান্ত হৈ পৰিছো।
মুখাৰ আৰৰ মুখবোৰ চিনিবলৈ
যেন মৃত্যু প্ৰতীক্ষা
মিছাতেই দাঁত দুপাৰিৰ বিজ্ঞাপন
প্ৰতিটো পুৱাৰ নামত।
জীৱনৰ পাৰমাণৱিক বোমা
কেনেকৈ ফুটিল গমকেই নাপালোঁ।
জানা, নীৰৱ ৰাতি তুমিহীনতাত
বাৰুকৈ অকলশৰীয়া অনুভৱ কৰোঁ
ৰাতিটোৱে মোক বৰকৈ ইতিকিং কৰে…
প্ৰলয়বোৰ সান্তনা দিবলৈ বুকুত
কলমটো সাৱটি লওঁ।
কি কৰিম কোৱা… !!!
অভিনিত সাগৰত
মিছাতে জাপ দি
মৰিবলৈ যে আৰু
ভাল নালাগে…
অবুজ মনটোক বুজাবলৈ
চেষ্টা কৰি আছোঁ
পূজাত নচলা ফুলবোৰ
সৰি পৰিব দিয়াই ভাল
খোপাটো উকাই উত্তম…।
অপৰাধীৰ দৰে
অভিমানী সুখবোৰে
তোমাক আৰু মিনতি নকৰে
উভতি আহিবলৈ…।
মই বাৰুকৈ ক্লান্ত হৈ পৰিছোঁ
তুমি লিখা সাথঁৰময় গল্পটো বুজিবলৈ।
এতিয়া আৰু পঢ়াৰ ইচ্ছা নাই
এতিয়া মাথোঁ জীয়াই থাকিব বিচাৰোঁ
মৃত্যু নাইবা দুৰ্ভাগ্যৰ সৈতে নহয়।
আজিয়েই…
দাহ কৰি কবৰস্থ কৰিম
সেই পুৰাতন দীঘল উপন্যাস
“জীৱন এটি লজ্জা” ….।