জীৱন এক সংগ্ৰাম
ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়
অৰণ্যৰ কাঁইট তহিলং কৰি
গঢ়ি তুলিছো জীৱন বাঁট
কিছু আশা,কিছু সপোন বুকুত বান্ধি
বাঁট বুলিছো দূৰ দিগন্তলৈ।
কেতিয়াবা লাঞ্ছিত,কেতিয়াবা বঞ্চিত,
কেতিয়াবা নিষ্পেষিত,কেতিয়াবা শোষিত
সকলো সমস্যাৰে জৰ্জড়িত হৈ
প্ৰবল শক্তিৰ জৰীৰে মেৰিয়াই।
ঘাত-প্ৰতিঘাতৰ মাজেৰেই জীৱন
কাঁইটীয়া পথৰ মাজতেই
লুকাই আছে এক সত্তা।
জীৱন মানেই সংগ্ৰাম,
সংগ্ৰামেই যদি নাই
সেই জীৱনৰ মাদকতা ক’ত?
পোৱা নোপোৱাৰ হিচাপ ক’ত?
সংগ্ৰামৰ আঁৰতেই সজাইছোঁ
জীৱনৰ প্ৰতিটো পল
পৰিহাৰ কৰিছোঁ কাঁইটীয়া পথ
হিচাপ কৰিছোঁ পালোঁ কি?
পোৱাবোৰক লৈয়ে আজি যাত্ৰা কৰিছোঁ
জগতৰ প্ৰতিটো খোজত।