জীৱন : এক অবিৰত যাত্ৰা – তৃষ্ণা দেৱী

Pc Pixabay

জীৱন : এক অবিৰত যাত্ৰা

গতিশীল সময়ৰ চকাত পাকঘূৰণি খাই,
চলি আছে আমাৰ এক অবিৰত যাত্ৰা;
নাজানো আৰু কিমান দিন !
সময় গৈ আছে,
তাৰ সৈতে খোজ মিলাই গৈ আছোঁ আমি;
নাজানো আৰু কিমান দিন !
অতীতৰ পৰা বৰ্তমান, বৰ্তমানৰ পৰা ভৱিষ্যত;
অবিৰত এই যাত্ৰা ।
এয়া হৈছে জীৱনৰ যাত্ৰা ।
পদূলিমুখৰ শেৱালীজোপাৰ সুগন্ধিত
চৌপাশ আমোল-মোলাই থকা
শৰৎৰ এটি জীপাল নিশা,
অকলশৰে বহি ভাৱো কেতিয়াবা;
আৰু কিমান‌ দিন!
জীৱনৰ গতিত আমিবোৰ গৈ আছোঁ,
লক্ষ্য বিবিধ, গতি ভিন্ন,
কিন্তু যাত্ৰা একেটাই;
জীৱনৰ যাত্ৰা, এটি অবিৰত যাত্ৰা ।
সকলো দিশতে প্ৰতিযোগিতা,
আমাক লাগে কেৱল সফলতা;
সফলতা পোৱাৰ আশাত,
আমি পাহৰি পেলাইছোঁ মানৱতা।
আত্মকেন্দ্ৰীক হৈ পৰিছোঁ,
হৈছোঁ আমিবোৰ স্বাৰ্থপৰ ।
তথাপি হিংসা, দুখ, বিষাদৰ মাজত;
আমি জানোঁ নিবিচাৰোঁ,
কিছু সুখ,‌ মৰমৰ আৰু ভালপোৱা ?

তৃষ্ণা দেৱী