জীৱনৰ সমস্যাবোৰৰ মাজত আনন্দৰ হৰ্ষোল্লাস
শৈলেন কুমাৰ
মিৰ্জা ( কামৰূপ)
সমস্যা জীৱনৰ অবিচ্ছেদ্য অংশ ৷ জীৱন থকালৈকে সমস্যাৰ পৰা আমি মুক্ত হ’ব নোৱাৰোঁ ৷ কোনো এজনে ক’ব নোৱাৰে মই সমস্যামুক্ত বুলি ৷ সমস্যা বহুধৰণৰ হ’ব পাৰে ৷ সাংসাৰিক,সামাজিক নতুবা শাৰীৰিক ইত্যাদি ৷ বৰ্তমান সমাজব্যৱস্থাৰ যিটো বস্তুবাদী মন তাৰবাবে আমি সকলোৱে সংগীবিহীন হৈ অসন্তুষ্টিৰ মেৰপেছৰ পাকচক্ৰত বন্দী ৷ বাহিৰৰ পৰা সকলো ঠিকে দেখিলেও ভিতৰিভিতৰি আমি এক অসন্তুষ্টিৰ অপূৰ্ণ মন এটালৈ ঘূৰিফুৰি আছোঁ ৷ যাৰ ফলস্বৰূপে সামাজিক হওক বা সাংসাৰিক যিকোনো ক্ষেত্ৰতে আমি ভুক্তভোগী হৈছোঁ ৷ দিনকদিনে মানুহবোৰ পশু সদৃশ হৈ মেচিনলৈ ৰূপান্তৰিত হ’বলৈ ধৰিছে ৷ আন্তৰিকতা এতিয়া ক’তো দেখিবলৈ পোৱা নেযায় ৷ আগতে এখন দেশ আৰু আন এখন দেশৰ মাজত যুদ্ধ হৈছিল কিন্তু এতিয়া ঘৰতে ভাইককায়েকৰ মাজত অসন্তুষ্টিৰ,অপূৰ্ণতাৰ গৃহযুদ্ধ ৷ আজিকালি মানুহৰ মুখত ভকত আৰু মনত কপট ৷ পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম,যিদৰে এন্ধাৰৰ পাছত পোহৰ,ৰাতিৰ পাছত দিন ৷ কিন্তু এয়া বাস্তৱ তথ্য সত্য আমাৰ সম্মুখত থকাৰ সত্তেও আমি বাস্তৱক মূল্য নিদি নিজস্ব আত্মঅহংকাৰক মূল্য দিছোঁ ৷ আৰু অজ্ঞানতাৰ কৱলত পৰি দুৰ্বলজনক সৱল কৰিব এৰি আমি শোষণ কৰিবলৈ উঠিপৰি লাগো ৷ যিজন নিজে শোষিত সেইজনে আনকো শোষণ কৰিব শিকে,আৰু শোষণক নামকৰণ কৰে উপদেশৰ আৰ্হিৰে ৷ কিন্তু আমাক কোনোৱে শোষণ কৰিব নোৱাৰে যদিহে আমি আন্তৰিকভাৱে দুৰ্বল আৰু শোষিত হবলৈ অমান্তি হওঁ ৷ মানুহ এজনৰ আন্তৰিকতা এক নিজস্ব সত্তা য’ত বাহ্যিকতা আৰু অন্য লোকৰ প্ৰৱেশ নিষেধ ৷ যদি আমি আমাৰ আন্তৰিক সত্তাত আনৰ উপস্থিতি কামনা কৰোঁ বা আনৰ কথাত উঠাবহা কৰিবলৈ লওঁ,তেতিয়া সেইজন ব্যক্তি মেৰুদণ্ডহীন হৈ পৰে ৷ আৰু আনৰ ৰিমটত চলা পুতলা সদৃশ হয় ৷ যাৰবাবে বহু গৃহ থানবান হোৱা দেখা যায় ৷ আৰু তেনে থানবান হোৱা গৃহস্থীৰ ঘৰ হৈ পৰে পুতলাৰ ঘৰ ৷ জীৱনৰ হেজাৰ ধুমুহা,দুখকষ্ট আৰু প্ৰত্যাহ্বানৰ মাজত যিজনে নিজকে অবিচল ৰাখি হাঁহিব জানিছে সেইজনেই প্ৰকৃততে আচল জীৱনযোদ্ধা ৷ বৰ্তমান সমাজব্যৱস্থাত তেনেকুৱা জীৱনযোদ্ধাৰ বাৰুকৈয়ে প্ৰয়োজনবোধ কৰিছোঁ ৷ বৰ্তমান সমাজব্যৱস্থাৰ নিকৃষ্ট চিন্তাধাৰাৰ বিপৰীতে আমি মাৰবান্ধি ঠিয় হৈ প্ৰত্যেকেই এজন প্ৰকৃত জীৱনযোদ্ধা হোৱাৰ প্ৰয়াস কৰিব লাগিব ৷ লগতে এটা কথা মনত ৰখা উচিত “ মন উৰনীয়া কিন্তু জীৱন দুদিনীয়া ” ৷