জীৱনৰ লক্ষ্য
চুমিয়া আকতাৰা , উদমাৰী, নগাঁও
জীৱনৰ যুঁজত
লক্ষ্য স্হিৰ কৰি ল’লে
লোৰ শিকলিয়েও বাধা দিব নোৱাৰে।
শৰীৰৰ পৰা বৈ যোৱা তেজেও
লক্ষ্যৰ পথেৰেই গতি কৰে।
লক্ষ্যহীন জীৱন
বৈঠা নথকা
নাওঁৰ দৰে।
লক্ষ্যই মানুহক
সাফল্যমণ্ডিত কৰে।
যুঁজিব পাৰিলে
এগৰাকী পংগুয়েও
পাহাৰ বগাব পাৰে।
প্ৰতিবাদী মনে সদায়
ইতিহাস ৰচিব পাৰে।
পাৰিম বুলি মগজুত বহাই ল’লে
কৰিম বুলি মন বান্ধি ল’লে
বিষাদেও হাৰ মানিবলৈ বাধ্য হয়।
জীৱনৰ অৰ্থ বুজি পালে
জীৱন সাৰ্থক হয়।