জীৱনৰ মায়া – বাহাৰুল ইছলাম

জীৱনৰ মায়া

বাহাৰুল ইছলাম (শিক্ষক)

চৌপাশে কোলাহল মায়াৰ কত হাট
প্ৰতিদিনে অন্বেষণ কৰোঁ ভিন্ন বাট।

ৰোমাঞ্চকৰ ক্ষণবোৰ নয়ণত ভাহে
জীৱনৰ বিলাসীতা গুঞ্জৰি আহে।

কতজনে ঘনে ঘনে আলপৈচান ধৰে
বাৰেবৰণীয়া ৰস দেখোন নিগৰি পৰে।

চৌদিশে মানুহৰ ৰং-বিৰঙৰ মেলা
পিতপিতাই খোজে সৱে স্বাৰ্থৰ খেলা।

দিন যায় ৰাতি যায় আৰু যায় কাল
কদাচিৎ বৈৰীয়ে কাটি দিয়ে খাল।

ঘুণে ধৰা বয়সৰ আছে নিৰ্ধাৰিত অন্ত
চঞ্চল দেহ-মন হয়তো হৈ পৰিব শান্ত।

হেনজানি সাহ কৰি যোৱা আগুৱাই
গৰ্ব-দৰ্প জীৱনৰ কোনো কাম নাই।

মৰণক পাহৰি ভ্ৰমি ফুৰিবা কত কাল?
প্ৰতিক্ষণে পাতি থৈছে অনেক জাল।

এৰিবই লাগিব যেতিয়া মায়াৰ হাটখনি
তাকৰ সময়ত মিলিজুলি হও ভাই-ভনী।

জনম লভিলোঁ সিদিনা ধৰাধামৰ বুকুত
সৱেমিলি পিন্ধোঁ আমি মানৱতাৰ মুকুট।