জীৱনৰ বাটত তুমি
ৰূপাঞ্জলি বৰুৱা বৰদলৈ,কলিয়াবৰ
তুমি ওলালা
সিক্ত হৃদয়ৰ বেদনাৰেভৰা
জোনাকৰ সাজ পিন্ধি
সজাই তোলা গধূলি বোৰ
বুকুতে সাৱটি লৈ……
এক অশান্ত মন
অজস্ৰ সপোনৰ সমাহাৰ
সেউজীয়াৰ মাজে মাজে বিচৰণ
দুখন দুৰন্ত হৃদয়ৰ
চমকা চমক ডাৱৰ
তাতে বিজুলীৰ চিকমিকনি …..
খহিপৰে পাহাৰৰ টিঙনাত
হিমচেচা সেউজীয়া বোৰে বৰণ সলায়
সৰাপাতৰ আঁৰে আঁৰে
নীড়মুখী পক্ষীয়ে গীত জুৰে
কলিজাখন লুতুৰি পুতুৰি
আশা আৰু প্ৰত্যাশাৰ
সন্ধানত……