জীৱনৰ বাটত – অনামিকা (সংগীতা) কলিতা

PC - 123RF

জীৱনৰ বাটত 

অনামিকা (সংগীতা) কলিতা ,শুৱালকুছি

সৰু-ল’ৰা ছোৱালী থাকিলে কিছুমান বিপদ সঙ্কুল  সামগ্ৰী সাৱধানে ৰাখিব লাগে ,নহ’লে বিপদ  হব পাৰে।  ৰমেন, বৰ্ণালী, অনামিকাহত  ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী। সময় পালেই সিহঁত জুলাই মাহত গৰমৰ বন্ধত প্ৰত্যেক বাৰে মাহীয়েকৰ ঘৰলৈ গৈছিল। এইবাৰো সিহঁত মাহীয়েকহতৰ ঘৰলৈ গৈছিল। তেওঁলোকৰ ঘৰ  দুই কিলোমিটাৰ মান নিলগত মনোমোহা এক প্ৰাকৃতিক পৰিবেশৰ মাজত  অৱস্থিত , কিন্তু আধা কিলোমিটাৰ মান পথ তেনেই দুৰ্গম। পাহাৰীয়া বাট-পথ যান- বাহন যোৱাৰ কোনো সুবিধা নাই ,সেই জনশূণ্য এলেকাটোত মাহীয়েকহতৰ পৰিয়ালটোৰ বাহিৰে কোনো লোকৰ স্থায়ী বাসস্থান নাছিল সেই সময়ত।

যদিওঁ পথটো দুৰ্গম আছিল ,তথাপিও তেওঁ লোকৰ ঘৰত যোৱাৰ হাবিয়াস সদায় আছিল। চৌদিশে শাল চেগুনৰ ডাঙৰ ডাঙৰ গছ, ফল /ফুলেৰে ভৰা বাগিছাৰ মাজত তেওঁ লোকৰ সৰু সৰু পঁজা ঘৰ ।সন্মুখত বিশাল ব্ৰহ্মপুত্ৰ কাষেৰে বৈ গৈছে,তাত পাহাৰৰ পৰা নামি অহা নিজৰাৰে পানী বিলীন হৈ গৈছে।

চাই থাকিব লগীয়া এক অপৰূপ মনমোহা পৰিবেশ,চাকৰি সূত্ৰে সিহঁতৰ  মহাক ফৰেষ্ট অফিচাৰ আছিল। অতি সাহসী তেওঁ নিজৰ পৈতৃক ভূমিক আওকাণ কৰি, তেনে এক পৰিবেশত পৰিয়ালৰ সৈতে থাকিব পৰাতো বিৰল ব্যক্তিত্বৰ অধিকাৰী। পৰিয়াল হিচাপে তেওঁৰ তিনি জন ল’ৰা এজনী ছোৱালী আছিল ।মাজু ল’ৰা জন সিহঁতৰ সমবয়সীয়া। সিদিনা সিহঁত তিনিও গৈ পায়েই অকণমান জিৰণি ল’লে,তাৰ পিচত  হাত মুখ ধুই,চাহ-ভাত আদি খাই ৰং/ধেমালিৰে দিনটো অতিবাহিত কৰিলে। সন্ধিয়া নামি অহাৰ লগে পৰিবেশতো নিৰ্জনতা বিৰাজ কৰিলে। চাহ /জলপান খাই   সিহঁত গোটেই কেইটা পঢ়া কোঠাত প্ৰৱেশ কৰিলে। ঘৰত লাইটৰ ব্যৱস্থা নাছিল গতিকে মাহীয়েকে লেম্প এটা জ্বলাই দিলে।মহাকে  নিৰাপত্তাৰ খাতিৰতে বন্দুকটো ঘৰতে ৰাখিছিল। কোঠাটোৰ বেৰত বন্দুকটো ওলোমাই থোৱা আছিল। কোনো এক   মুহূৰ্তত মাজু ল’ৰাটোই বন্দুকটো তাৰ পৰা নমাই আনি সিহঁতৰ ফালে টোৱাই কবলৈ ধৰিলে- “মই বন্দুকটো মাৰিব জানো ” ।তাৰ তেনে কাণ্ড দেখি সিহঁত কেইটা  ভয়তে পেপুৱা লাগিল  । মহাকক কৈ দিব বুলি ক’লে   কিন্তু সি কথা নুশুনি হাঁহি হাঁহি সিহঁতৰ ফালে বন্দুকটো  টোৱাই থাকোতে হঠাতে গুৰুম কৈ শব্দ এটি হল।সকলো হতভম্ব ঘৰৰ আটাইবোৰ কোঠাটোলৈ দৌৰি আহিল ।সিও ভয় খাই বন্দুকটো পেলাই থৈ বাহিৰলৈ লৰ মাৰিলে  এক শ্বাসৰুদ্ধ পৰিস্থিতিয়ে বিৰাজ কৰিলে ।কিছুপৰ পাছত  সকলোৱে দেখিলে বেৰাখনত এটা ডাঙৰ বিন্ধা হৈছে ,হয়তো গুলিটো গোটেই কেইটাৰ  মাজেৰে পাৰ হৈ গৈছিল।মাহীয়েকে  ভগৱানক শতবাৰ প্ৰণাম কৰিলে ।মহাকে অফিছৰ পৰা আহি কথাটো জানিব পাৰি  খং  উঠিল পুতেকক  খেদি গ’ল ।সিও ভয়তে  পলাই  থাকিল নিশা ঘৰলৈ নাহিল,কৰবাত লুকাই থাকিল। ফলত ঘৰখনে এক উদ্বিগ্নতাৰে নিশাটো পাৰ কৰিবলগীয়া হৈছিল ।

 যদি বন্দুকৰ গুলি কোনোবা এজনৰ লাগিল  হয় ,তেতিয়া কি হ’লহেঁতেন।  সেয়েহে কওঁ সৰু ল’ৰা/ছোৱালীৰ পৰা  বিপদ হ’ব পৰা  সামগ্ৰী অতি সাৱধানে ৰাখিব লাগে।