জীৱনৰ পৰিৱৰ্তন – মনোজ বৰা

PC - Unsplash
জীৱনৰ পৰিৱৰ্তন
 মনোজ বৰা, যোৰহাট
জুপুৰীবোৰ              বিল্ডিং হ’ল
মানুহ কমিল
হেঁপাহবোৰ              নিলাম হ’ল
 মৰম পমিল ।
ককা আইতাৰ         ঠিকনা হ’ল
বৃদ্ধা আশ্ৰম
পো-বোৱাৰীয়ে      চাব নোৱাৰে
সময় যে কম ।
নাতি সকল          ওচৰ নাচাপে
পঢ়া হ’ব খতি
দেখিছানে            সম্পৰ্কবোৰৰ
কি হৈছে গতি ।
জপনা গুচি             গেট হ’লগৈ
ওলমিল ফলক
কেনিও ক’তো        চাব নোৱাৰি
লাগে জলক তবক ।
 ফলকত                  লিখা থাকে
কুকুৰৰ পৰা সাৱধান
চুবুৰীয়াৰ               লগত বাঢ়িল
লাহে লাহে ব্যৱধান ।
কাষৰ ঘৰৰ        বিপদে আপদে
নিদিয়ে এটি মাত
মিলাপ্ৰীতি                  মৰম দয়া
থাকে জানো তাত ?
কোনোবা জন         আহেও যদি
ভাল নাপায় বৰ
কিয় আহিলে             প্ৰশ্ন সোধে
কৰি খৰধৰ ।
তামোল এখনো   নাযাচে কাকো
ঘৰ লেতেৰা হ’ব
চিকচিকিয়া     ঘৰবোৰত এদিন
তলা ওলমি ৰ’ব ।
চকুৰ আগতে          দেখিছোঁ বহু
এনে নিৰ্মম চিত্ৰ
সকলোবোৰ             পৰ হৈ পৰে
নাই কোনো মিত্ৰ ।
দালানত                     থাকিলেও
শেষ আশ্ৰয় মাটি
আয়ু বেলি                  মাৰ গ’লে
হ’বই কিন্তু ৰাতি ।