জীৱনৰ পৰিধি হেৰুৱাই
ডাঃ বন্দনা তামূলী
জন্ম অবিহনে মৃত্যু মিছা
মৃত্যুৰ তীঁৰত বহু দিন ৰাতি
ধৈৰ্য্য ধৰি আছিলা উচুপি
পুত্ৰ স্নেহে ৰাখিছিল সাৱটি
সেই যন্ত্ৰণাত শুনা নাছিলো চিঞৰ
চকু পানীৰে তিতি আছিল দুগাল
বাজি আছিল যেন ভিতৰে বাহিৰে
সোণালী অতীত কাল
ৰাতিপূৱা শুই উঠিয়েই
মূখ খনত আঁকি লৈছিলা
পূৱাৰ ৰক্তিম বেলিটি
তাতেই ধৰা পৰিছিল
তোমাৰ হৃদয়ৰ আভা খিনি
হঠাৎ হৃদয়ৰ তাঁৰ কেইডাল চিঙি গৈছিল
এই মাটিত তোমাৰ আৰু অধিকাৰ নাই
তোমাক হেৰুৱা দুখত
ক্ষত বিক্ষত ডাল বোৰ
ফুল পাত দোঁ খাই ৰৈছে
অতীতৰ হাঁহি থকা তুমি জনীক হেৰুৱাই
বনৰ পক্ষীয়ে উৰুলি দিয়া নাই
বতাহত গীতৰ কঁপনি নাই
নৈ বোৰতো গৰা খহনীয়া
বসন্তত কুলিটিয়ে ৰাগ যোৰা নাই
মূৰ্ছা গৈ পৰি আছে ঢুলীয়া নাচনী
মূৰ্ছা গৈ পৰি আাছে তোমাৰ কোঠালী
লগতে আছে আমাৰ স্তব্ধতা
স্বৰ্গগামী যাত্ৰীৰ
খবৰ কৰিব নোৱাৰি
মনৰ দুখত দুপাখি লগাই
উৰুৱাই দিলো দুখেৰে ভৰা মন
আনিব পাৰে কিজানিবা
আপোন মৃতকৰ কিবা শান্তিৰ বাতৰি ৷ ৷