জীৱনৰ নতুন পৃষ্ঠা – ৰাখী মণি কলিতা

Pc NewsASN.com

জীৱনৰ নতুন পৃষ্ঠা

ৰাখী মণি কলিতা ,
দৰং ,হাজৰিকাপাৰা 

ফাগুনৰ মিঠা বতাহে আজি
মোৰ কাণে কাণে কৈ যায়
“আজি মোৰ দিন”,
নতুন সপোনেৰে ভৰা এক নতুন আৰম্ভণি।
অতীতৰ সকলো দুখ পাহৰি
মই আগবাঢ়িম নৱ আলোকেৰে,
নিজৰ লক্ষ্য পূৰণৰ পথত
সাহসেৰে আগুৱাই যাম।
জীৱনৰ প্ৰতিটো বছৰে মোক
অলপ বেছি শক্তিশালী কৰে।
আজি নিজকেই কওঁ
মই পাৰিম, মই আগুৱাম।
সময়ৰ পৃষ্ঠাত আজি
মোৰ নামটো গৌৰৱেৰে লিখোঁ,
কিয়নো “আজি মোৰ জন্মদিন”
নতুন সাহসৰ এক নতুন আৰম্ভণি।