জীৱনৰ ছবিখন – অনামিকা কলিতা

Pc Tiny Buddha

জীৱনৰ ছবিখন

অনামিকা( সংগীতা) কলিতা, শুৱালকুছি

বুকুৰ প্ৰান্তে প্ৰান্তে এটি অজান বিষ
মনৰ জীপাল সেউজীয়া বোৰ,
ধূসৰ ৰূপত গঢ়া।
চাৰিওফালে ধূলিময় সদৃশ
তথাপিও সি মোৰ বুকুত
নীৰৱে আছে একোণত।
তাৰ বাবেই আবিৰৰ মিঠা গান
চকু মুখত সানি লওঁ
হুইল চেয়াৰখন ঠেলি।