জীৱনৰ খোজ
এখোজ দুখোজকৈ গৈ থাকে খোজবোৰ
বৰষুণ জাকো এৰা নাই
ৰৈ যাব বিচৰা খোজ বোৰ
ৰব খুজিও গৈ থাকে
গৈ থাকে জীৱনৰ আকোঁৱা-পকোৱা
অথবা পোন পথেদি
যাত্ৰাৰ যে কোনো শেষ নাই
আজি জীৱনৰ নদীৰ সাকোঁত বহি
মুৰ ঘুৰাই চাইছো
এৰি অহা দীঘলীয়া বাটটো
ক্ষন্তেকীয়া জীৱনৰ বহু স্মৃতি
সজীৱ কৰি ৰখা কেইটিমান কবিতা
মোৰ হৃদয়ৰ অনুভৱৰ ক’লাজ
নাই ইয়াত কোনো উপাই
আছে মাথোঁ কলমেদি নিগৰি অহা
কেঁচা তেজৰ চেকুৰা অথবা
কেঁচা মাটিৰ গোন্ধ আৰু
এক সঞ্জীৱনী হৃদয়
ৰিচা ৰহমান