জীৱনৰ আন এটি নাম সংগ্ৰাম- ললিত নাথ

Pc Intelligence Mantra
গ্ৰন্থ সমালোচনা
জীৱনৰ আন এটি নাম সংগ্ৰাম
 ললিত নাথ
চতিয়া, বিশ্বনাথ চাৰিআলি
সম্প্ৰতি অসমীয়া প্ৰবন্ধসাহিত্য জগখনত নকৈ খোজ পেলোৱা এগৰাকী সম্ভাৱনাময় প্ৰবন্ধকাৰ চন্দ্ৰশেখৰ পৰাজুলি৷ তেখেতৰ বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পোৱা বত্ৰিছটা প্ৰবন্ধৰ একত্ৰ সংকলন ’জীৱনৰ আন এটি নাম সংগ্ৰাম’ ইতিমধ্যে ’অংকুৰণ প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰি উলিয়াইছে৷ সমাজৰ এজন সুক্ষ্ম নিৰীক্ষক চন্দ্ৰশেখৰ পৰাজুলীয়ে সমকালীন সমাজখনক বিভিন্ন দৃষ্টিকোণেৰে প্ৰত্যক্ষ কৰিছে৷ তেওঁৰ প্ৰবন্ধগুচ্ছত নৈতিক জীৱনাদৰ্শ,জীৱন-যাপনৰ জ্ঞান,সমকালীন সমাজব্যৱস্থা,মানৱীয় মূল্যবোধ,চিন্তা-চেতনা,তথ্যসন্মত যুক্তিবোধ্য বিশ্লেষণ, দৰ্শন,জীৱনৰ বহু অম্ল-মধুৰ অভিজ্ঞতা বিস্তাৰিত হৈ আছে৷চমকপ্ৰদ উপস্থাপন,ভাষাশৈলীয়ে লেখকৰ লেখাসমূহ প্ৰাণৱন্ত কৰি তুলিছে৷ সেয়ে লেখকৰ প্ৰবন্ধসমূহ সমাজ-জীৱনৰ সুক্ষ্ম দৰ্শনৰ এক ধৰণৰ মননশীল কচৰৎ বুলি ক’ব পাৰি৷ ভাষা-সাহিত্য,সমাজৰ প্ৰতি থকা তেওঁৰ অনুৰাগ,আনুগত্য,দায়বদ্ধতা,সচেতনতা,আদি সকলো দিশ প্ৰবন্ধসমূহত প্ৰস্ফুটিত হৈছে৷ গ্ৰন্থখনত লেখকৰ বিষয়-বৈচিত্ৰ্যতাই পঢ়ূৱৈক ভিন্ন ৰুচিবোধ পূৰ্ণ কৰিবলৈ সমৰ্থ হৈছে৷ অসৎ অভিপ্ৰায় চৰিতাৰ্থ কৰিবলৈ এচাম অসাধু ব্যৱসায়ীয়ে খাদ্য সামগ্ৰীত ভেজাল কৰা,দুমুখীয়া চৰিত্ৰৰ ব্যক্তিৰ স্বাৰ্থ,ভণ্ডামি,মিঠ্যাচাৰৰ কদৰ্য ছবিখন লিখৰে সুস্পষ্টৰূপত ডাঙি ধৰিছে তেখেতৰ ’সোণকালেই উৎপাদনৰ নিমিত্তে কৃষিকাৰ্যত ভেজাল’,দুমুখীয়া ব্যক্তিৰ পৰা সাৱধান’,আদি প্ৰবন্ধত৷ ’সোণকালেই উৎপাদনৰ নিমিত্তে কৃষিকাৰ্যত ভেজাল’ প্ৰবন্ধটিত লেখকে পৰম্পৰাগত কৃষি-সংস্কৃতিৰ গৌৰৱময় ঐতিহ্যক জীয়াই ৰখাৰ প্ৰবল ইচ্ছা প্ৰকাশ পাইছে৷‘সুখী জীৱন সাধনাৰ মন্ত্ৰ’, ‘জীৱনত সংঘটিত হোৱা প্ৰতিটো ঘটনাৰে বিশেষ এক মহত্ত্ব থাকে’, ‘জীৱনত ব্যৱস্থিত ৰূপত যোগ সাধনাৰ প্ৰয়োজন আছে নে?’,আদি প্ৰবন্ধত লেখকৰ জীৱন-যাপনৰ জ্ঞান,গভীৰ জীৱনবোধ আৰু ব্যক্তিৰ সামাজিক তথা আধ্যাত্মিক জীৱনক সৰল আৰু আত্মিক কৰাৰ বাৰ্তা বহন কৰিছে৷ আধুনিক জীৱনৰ ধামখুমীয়াত জীৱনৰ যেন মধুৰতাখিনি হেৰাই গৈছে৷ আজিৰ প্ৰজন্মই কৰ্কশ পাঠ্যক্ৰমৰ লগত নিৰন্তৰ সংগ্ৰাম কৰিবলগা হৈছে৷ এনে এক প্ৰেক্ষাপটত বিভিন্ন জ্ঞানবৰ্ধক কবিতা,নাটক, সংগীত,চিত্ৰকলা,হিতোপদেশ আৰু অন্যান্য উপকথা আদি শিশুৰ চৰিত্ৰ গঠন আৰু আদৰ্শ জীৱন বৰ্ণনৰ উত্তম উপায় হিচাপে চিহ্নিত কৰিছে৷ প্ৰেম,ভক্তি,দয়া,ক্ষমা,সহিষ্ণুতা,ক্ষমা আদি মানৱীয় প্ৰমূল্যবোধৰ জ্ঞান আহৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে লেখকৰ  ‘জ্ঞানবৰ্ধন দিশবোৰৰ প্ৰয়োজনীয়তা’ আৰু ‘শিশুৰ ব্যক্তিত্ব বিকাশত সংগীসকলৰ প্ৰভাৱ’ আদি প্ৰবন্ধত৷পৰিবৰ্তিত সময়, সামাজিক অৱক্ষয়,ক্ষয়িষ্ণু মানৱতা, দু:সময়ৰ দুৰ্ভাৱনা আদি প্ৰকাশ পাইছে লেখকৰ ‘বেয়া পৰিৱেশ,পৰিস্থিতিত পৰি ভ্ৰমিত হোৱা মানুহ’ ’পুঁজিবাদী সমাজৰ আগত ব্যক্তিগত প্ৰতিভাসমূহৰ মূল্য হ্ৰাস’ আদি প্ৰবন্ধত৷ লেখকে বিপথগামী লোকসকলক মাৰ্গদৰ্শন কৰাবলৈ বৌদ্ধিক সমাজৰ দৃষ্টি আকৰ্ষণ কৰিছে৷লেখকৰ মানৱতাবাদী চেতনাৰ এক অন্যতম প্ৰবন্ধ হৈছে ’সকলো মানুহেই সমান’৷ লেখক পৰাজুলীয়ে পঢ়ূৱৈক কৈছে – সমাজত জাতি, ধৰ্ম,বৰ্ণ,লিংগ আদিৰ নামত বিভাজন এক বদ্ধমূল ধাৰণা৷ দৰিদ্ৰ,আৰ্তজনৰ দুখ-যন্ত্ৰণা,প্ৰতাৰিত মনৰ ব্যথা,দুৰ্বলীৰ মনৰ কথা আদিবোৰ গভীৰভাৱে অনুধাৱন কৰিবলৈ সমাজলৈ লেখকে আহ্বান জনাইছে৷ইয়াৰ দ্বাৰা সামগ্ৰিকভাৱে সমাজৰ মঙ্গলময় দিশটো উন্মোচিত হৈছে৷ ‘নিজৰ গুণবোৰ নিজে বখানি নুফুৰিব’,প্ৰতিটো ক্ষেত্ৰতে আনক দোষাৰোপ নকৰিব’, ’ অসমৰ জ্বলন্ত সমস্যা সামাধানৰ ক্ষেত্ৰত সকলো মানুহেই সৎ হোৱাৰ দৰকাৰ’, আদি প্ৰবন্ধত যান্ত্ৰিক জীৱনৰ ধামখুমীয়াত ক্ষমতা,প্ৰতিপত্তি আৰু পদবীৰ শ্ৰেষ্ঠত্বৰে আনক তুচ্ছজ্ঞান কৰা আৰু ৰূঢ়,ৰুক্ষ আৰু অশালীন ব্যৱহাৰ কৰা আদি মানৱীয় মূল্যবোধৰ অৱক্ষয়ত লেখকৰ এক গভীৰ উদ্বেগ প্ৰকাশ পাইছে আৰু মুল্যবোধ প্ৰতিষ্ঠাৰ বাবে সমাজলৈ আহ্বান জনাইছে৷ সৰু-বৰ ভুল বা বিফলতাই আমাক অভিজ্ঞতা প্ৰদান কৰি ধৈৰ্যশক্তি আৰু ইচ্ছাশক্তিক জাগ্ৰত কৰি জীৱন যুঁজত আগবাঢ়ি যাবলৈ শক্তি দিয়ে৷ লেখকৰ এই বোধসঞ্চাৰী নিহিতাৰ্থৰ প্ৰকাশ ঘটিছে ’সফলতাৰ শিখৰত উত্তীৰ্ণ হৈয়ো’ প্ৰবন্ধটিত৷ বিশ্বনাথ জিলাৰ গলিয়াত ডাঙৰ-দীঘল হোৱা পৰাজুলীৰ এই অভিজ্ঞতা ব্যক্তিগত হৈও এক বহল প্ৰেক্ষাপট সামৰি লৈছে৷ লেখকৰ গভীৰ মনন,ভাষাৰ প্ৰাঞ্জলতাৰে সহজকৈ প্ৰবন্ধকাৰে পঢ়ূৱৈৰ আগত নিৰহনিপানীকৈ ডাঙি ধৰিছে৷
তেখেতৰ প্ৰবন্ধসমূহত সাম্প্ৰতিক সময়ৰ অৱক্ষয়ী সমাজখনত দেখা দিয়া মুল্যোধৰ সংকটৰ বিষয়ে নতুনকৈ ভাৱিবলৈ শিকায়৷সহজ-সৰল উপস্থাপনে পঢ়ূৱৈক আকৰ্ষণ কৰিব পৰাকৈ যুগুত কৰিছে৷ লেখকৰ সমাজিক বিন্যাস,আত্ম-অন্বেষণ,সংৱেদনশীল বৰ্ণনাৰে সমৃদ্ধ গ্ৰন্থখন পঢ়ূৱৈ সমাজক নিশ্চিতভাৱে উপকৃত কৰিব৷