জীৱনৰ অলিখিত সংলাপ
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
অজস্ৰ বস্তুৰ বিসৰ্জন ঘটিছে
সময়ৰ সোঁতত বহু কিবাই
হেৰুৱাই পেলাইছো।
কিন্তু প্ৰকৃততে, কি হেৰুৱালোঁ?
যি বস্তুক “মোৰ” বুলি হৃদয়ৰ
অলিন্দত স্থান দিছিলোঁ,
আক্ষেপ কৰিছিলোঁ,
সেইবোৰ সঁচাকৈয়ে
কেতিয়াবা মোৰ আছিল নে বাৰু?
জীৱন—এক অন্তহীন
মৌন প্ৰশ্নৰ ক্ষেত্ৰ,
যাৰ উত্তৰ সন্ধানত মই
বৰ্ষান্নত অভিজ্ঞতাৰে
চ্যুত হৈ ফুৰোঁ।
সম্ভৱতঃ এই যাত্ৰাটোৱেই হ’ল
জীৱনৰ গভীৰ অৰ্থ।