জীৱনে বিচাৰে কি
অৰ্ণৱ কটকী
জাঁজী, যোৰহাট
পাওঁ নে জীৱনে বিচৰা মতে সকলো! সুখী হোৱাৰ পিছত সকলো দৌৰি থাকোঁ আমি কিন্তু সুখী কিমান জন?
মগজুই সকলো বুজি পায় মনে জানো বুজিব পাৰে?
মৰম আকুলতা বিচৰা প্ৰতি জন ব্যক্তি বাৰে বাৰে ভাঙি পৰিব লগা হয়, সময়ৰ হাতত। কেতিয়াবা ভবা মতে একোৱেই নহয় আমাৰ জীৱনত।সময়ে সময় নিদিয়ে কেতিয়াবা , যদিওঁ সুযোগ দিয়ে জীৱনে। আচলতে আমি শুনো নে আমাৰ মনৰ কথা। মনৰ বিৰুদ্ধে কৰা কাম সুখকৰ নহয় বোলে।
জীৱনৰ অংক বিলাক বৰ জটিল, জটিলতাৰ পাক খুলি খুলি আগুৱাই যোৱা লৈ উশাহে হাৰ মানে কেতিয়াবা।
জীৱনে কি বিচাৰে এবাৰ নিৰ্জন ঠাইত একান্ত মনে সুধি চাব। হয়তো আপুনিও পাই যাব বহু প্ৰশ্নৰ উত্তৰ। যুগমীয়া জীৱন নহয় কিন্তু কৰ্ম বিলাক যুগমীয়া কৰাৰ চেষ্টা কৰিব নিশ্চয় পাৰোঁ।