জীৱনত সুখী হোৱাৰ শ্ৰেষ্ঠতম উপায়
মানুহৰ জীৱনটো দুদিনীয়া। এই দুদিনীয়া জীৱনটো সুখ দুখেৰে ভৰা । আমি দুখৰ মাজতে সুখ বিচাৰি পাব লাগিব । নহ’লে জীৱনটো আমাৰ অচল হৈ পৰিব।
মই ভাবোঁ আমি যি পাইছোঁ তাতেই সুখী হ’ব লাগে।
নোপোৱাটোক লৈ হায়ৈ বিয়ৈ কৈ থাকিব নালাগে।
মানুহজনে কষ্ট কৰি আনি দিয়া টকা কিটাৰে সুন্দৰকৈ ঘৰখন চলাই নিয়াৰ ওপৰতেই সুখ নিৰ্ভৰ কৰে। কথাতে কয় যিকন পাইছা তাতেই সুখী হোৱা। নহ’লে বেছি বিছাৰিলে কুঁৱাৰি ফাটি যাব ।
আমাৰ এটা সুস্থ মন হ’বলৈ এটা সুস্থ শৰীৰৰ খুবই প্ৰয়োজন । বেমাৰী দেহা এটাই আমাক কেতিয়াও সুখ দিব নোৱাৰে। সেইকাৰণে আমি আমাৰ শৰীৰটোক পৰাপক্ষত নিৰূগী কৰি ৰাখিব লাগে।
আমি সদায় চাব লাগে যাতে দুখীয়া মানুহখিনিয়ে কেনেকৈ কষ্টৰে জীৱন নিৰ্বাহ কৰিছে। তাতে তেওঁলোকে সুখৰ মুখ দেখিছে অথবা সপোন ৰচিছে। আমিতো তেওঁলোকতকৈ বহুত গুনে সুখত আছোঁ । অথচ আমাৰ সকলো থাকিও আমি অসুখী। ভূলটো আমাৰেই । আমাৰ expection high . সেইকাৰণে আমি সুখবোৰ উপভোগ কৰিব নোৱাৰোঁ।
গতিকে মই ভাৱোঁ জীৱনত সুখী হ’বলৈ হ’লে আমি যি পাইছোঁ তাকেই লৈ সুখী হ’ব লাগে। নোপোৱা খিনিক লৈ মনটো অশান্তি কৰি থাকিব নালাগে। হাঁহি য়েই জীৱন। এমুঠি হাঁহিয়েই হ’ল সুখী হোৱাৰ শ্ৰেষ্ঠতম উপায় ।
হিমাদ্ৰী বৰকটকী
নগাঁও