জীৱনত সকলোতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হৈছে “ জীৱন ” – শৈলেন কুমাৰ

PC - Goalcast

জীৱনত সকলোতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হৈছে “ জীৱন ”

-শৈলেন কুমাৰ, মিৰ্জা

জীৱনত সকলোতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হৈছে জীৱন ৷আমি জীৱনত বস্তুৰ মুল্য মনত ৰাখোঁ,আৰু বস্তুবিলাকক মুল্য দিওতে দিওতে,আমি জীৱনক মুল্য দিবলৈ পাহৰি যাওঁ ৷প্ৰত্যেক বস্তুৱেই জীৱনৰ হ’ল “ মই ” ৷ জীৱন যেতিয়ালৈকে আছে বস্তুও থাকিব,আৰু যদি জীৱনে নাথাকে তেতিয়া কোনটো বস্তু মুল্যবান,কিন্তু বস্তুবোৰ ইমান মুল্যবান যে জীৱনৰ ওপৰত ধ্যানে দিয়া নেযায় যে জীৱনত কেনেদৰে জীৱনযাপন কৰি আছোঁ ৷ আৰু ইয়াতে যিটো “ জীৱন ” ৰ কথা উল্লেখ কৰা হৈছে তাৰ অৰ্থ উশাহনিশাহ লোৱা,চলন ফুৰণ কৰা যান্ত্ৰিক জীৱনৰ কথা কোৱা হোৱা নাই ৷ প্ৰকৃত অৰ্থত জীৱন তেতিয়াহে য’ত আনন্দ আছে,মুক্তি আছে, উৰিবলৈ হেপাঁহ আছে,সৰলতা আছে আৰু যিটো জীৱনত মুৰবিষ,জটিলতা,সন্দেহ ইত্যাদি আছে তেনে জীৱনটো মৃত্যুৰ সমান ৷ তেতিয়া হ’লে সবাতোকৈ মুল্যবান কি ?কোনো বস্তুৱেই মুল্যবান নহয়,প্ৰফুল্লতা,আনন্দিত, মুক্ত জীৱন সবাতকৈ মুল্যবান ৷আনন্দৰ দিশত যদি কোনো বস্তুৰ সহযোগিতা পোৱা যায় তেতিয়া সেই বস্তুক গ্ৰহণ কৰা উচিত আৰু যদি আনন্দৰ দিশত কোনো বস্তুৰ অৱৰোধ পোৱা যায় তেতিয়া হলে তেনে বস্তুক ত্যাগ কৰাই উত্তম ৷ মুল কথাটো বস্তু নহয়,মুল কথা হৈছে জীৱন ৷ আৰু জীৱনৰ অৰ্থ খোৱালোৱা,শুৱা,উঠা,উশাহনিশাহ লোৱা নহয় জীৱনৰ অৰ্থ আনন্দ,উৰিবলৈ হেপাহ এটা মুক্ত জীৱনৰ অনুভৱ কৰা৷