জীৱনত ব্যৱস্থিত ৰূপত যোগ সাধনাৰ প্ৰয়োজনীয় আছে নে..? – চন্দ্ৰ শেখৰ পৰাজুলী

PC - News Nation

জীৱনত ব্যৱস্থিত ৰূপত যোগ সাধনাৰ প্ৰয়োজনীয় আছে নে..?

চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

   “যোগস্থঃ কুৰু কৰ্ম্মানিসংঙ্গ ত্যক্তা ধনঞ্জয়।
সিদ্ধ্যাসিদ্ধ্যোঃ সমোভূত্বা সমত্বঃ যোগ উচ্যতে।”

গীতা শাস্ত্ৰত যোগ সম্পৰ্কে এই ধৰণে কোৱা হৈছে অৰ্থাৎ সহজভাৱে ইয়াক বুজাবলৈ হ’লে, নিৰ্বিকাৰভাৱে কাম কৰা আৰু কামৰ ফলত চিত্ত বা মনৰ সমত্ব ভাৱেই হৈছে যোগ। ইয়াৰ উপৰিও যোগ শাস্ত্ৰৰ প্ৰণেতা ঋষি পতঞ্জলিৰ মতে, “যোগ চিত্ত বৃত্তি নিৰোধঃ”। অৰ্থাৎ চিত্তৰ বৃত্তিসমূহৰ নিৰোধ কৰণেই হ’ল যোগ। চিত্ত হৈছে মন, বুদ্ধি আৰু অহংকাৰৰ সমষ্টিগত ৰূপ। চিত্ত বা মনৰ বৃত্তিসমূহ অৰ্থাৎ বিক্ষিপ্ত হ’ব পৰা উৎসসমূহ দমন বা সংযম কৰাই যোগ। যোগৰ জ্ঞান পোনপ্ৰথমে হিৰণ্যগৰ্ভৰ পৰা আৰম্ভ হৈ তাৰ পিছত এই জ্ঞান সমূহ সূৰ্য দেৱতায়ে লাভ কৰে। আৰু সূৰ্য দেৱতাৰ পৰা এই জ্ঞান মনুয়ে লাভ কৰি সপ্ত ঋষি মাজত বিয়পাই দিয়ে। আৰু এনেকৈয়ে সপ্ত ঋষি মাধ্যমৰে গোটেই মনুষ্য জাতিৰ মাজত কাল ক্ৰমান্বয়ে যোগৰ জ্ঞান সমূহ বিয়পি আছে বুলি আমাৰ ধৰ্ম গ্ৰন্থবোৰত উল্লেখ কৰা আছে।এতিয়া বহুতৰ মনলৈ এই প্ৰশ্ন উদ্ভাৱন হ’ব পাৰে যে, আমি চৌদিশে শুনিবলৈ পোৱা যোগ শব্দটি কৰ পৰা লোৱা হৈছে আৰু ইয়াৰ প্ৰকৃত অৰ্থটো কি ? চাওঁক যোগ’শব্দটি মুলত: সংস্কৃত ভাষাৰ পৰা লোৱা হৈছে আৰু ইয়াৰ মূলতঃ অৰ্থ হৈছে সংযোগ বা যুক্ত হোৱা। অৰ্থাৎ হমানুহৰ মন আৰু দেহৰ একত্ৰিকৰণ। যোগ সাধনা একালৰ বিশ্বৰ অন্যতম জনপ্ৰিয় সাধনা। এই সাধনা প্ৰাচীন ভাৰতীয় কলা। প্ৰাচীন কালৰে পৰা যোগ সাধনাৰ নিয়মীয়া অনুশীলন কৰি মানুহে জীৱনৰ শাৰীৰিক,মানসিক আৰু আধ্যাত্মিক দিশক উন্নত কৰি অহিছে। মানুহৰ অভ্যন্তৰৰ গভীৰত সুপ্ত হৈ থকা শক্তিসমূহক জাগৃত কৰি বিকশিত কৰিবৰ বাবে শৰীৰ আৰু মনৰ ওপৰত স্ব ইচ্ছাৰে কৰা এক ক্ৰিয়া বা সাধনাকে স্বাভাৱিকতে যোগৰ সহজাত সংজ্ঞা বুলি ধৰি ল’ব পাৰি ।এতিয়া বিশ্বৰ হয়তো প্ৰায় সকলোবোৰ মানুহে গম পাইছোঁ যে,যোগ অভ্যাসৰ জৰিয়তে আমাৰ শাৰীৰিক আৰু মানসিক বিকাৰ সমূহ  নাইকিয়া কৰি এক সুস্থ সবল জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম। আচলতে আমি জন্ম গ্ৰহণ কৰাৰ পৰাই পৰোক্ষভাৱে যোগ সাধনা বা যোগ অভ্যাসত লিপ্ত হৈ পৰো। অৰ্থাৎ আমি প্ৰায়বোৰ মানুহে জন্মৰ পিছৰে পৰা নিজ নিজ ধৰ্ম, সম্প্ৰদায়ৰ লগত জড়িত হৈ সকলোৱে ভিন্ন, ভিন্ন মাধ্যমেৰে ইশ্বৰ,আল্লা,গড (god) আদি নানান নেদেখা জনৰ লগত যব,তপ,প্ৰাৰ্থনাৰ আৰু বহু অন্যান্য মাধ্যমৰ জৰিয়তে সংযোগ স্থাপন কৰিব বিচাৰোঁ। এইবোৰে হ’ল এক প্ৰকাৰৰ মানসিক বিকাৰ সমূহ নিৰ্মূল কৰাৰ বাবে কৰা যোগ সাধনা। আনহাতে আমি জন্মৰে পৰা আমাৰ মৃত্যু পৰ্যন্ত নানান ধৰণৰ শাৰীৰিক ক্ৰিয়াকলাপ লগত জড়িত হৈ থাকো। আচলতে এই সকলোখিনিয়ে হ’ল আমাৰ শাৰীৰিক যোগ সাধনা। গতিকে আমি অনিশ্চাকৃত ভাবেওঁ বা পৰোক্ষভাৱে হ’লেও যোগ অভ্যাসৰ লগত জড়িত হৈ থাকোঁ। এতিয়া কথা হ’ল আমাৰ জীৱনত ব্যৱস্থিত ৰূপত যোগ সাধনাৰ প্ৰয়োজনীয় আছে নে, নাই ?।আচলতে আমি বিদ্যালয় এখনলৈ নোযোৱাকৈয়ে বিশ্বৰ সকলো জ্ঞান অৰ্জন কৰিবলৈ সক্ষম নহয়নে?। তথাপিও কিন্তু বিদ্যালয় জৰিয়তে ব্যৱস্থিত ৰূপত জ্ঞান অৰ্জনৰ মূল্য আমাৰ অ-ব্যৱস্থিত ৰূপত জ্ঞান অৰ্জনৰ মূল্যতকৈ অত্যাধিক হয় নহয়নে ? সেয়েহে সকলো বিষয় বস্তুৰ ওপৰত ব্যৱস্থিত ৰূপত জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হ’লে আমি সেই বিষয়-বস্তুৰ ওপৰত এসময়ত গৈ গৈ পাণ্ডিত্য লাভ কৰি অত্যাধিক ৰূপত সুফল লাভ কৰাত সক্ষম হ’ম। গতিকে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০১৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে ২১ জুন তাৰিখটোক আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰি এক নতুন যোগৰ সূচনা কৰিছে বুলিয়েই উল্লেখ কৰিব লাগিব । ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘত ২১ জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। তেওঁৰ তত্বাৱধানতে এই প্ৰস্তাৱ ২০১৪ চনৰ ২৭ ছেপ্তেম্বৰ তাৰিখে আগবঢ়ায় আৰু তাৰ ঠিক ৭৮ দিনৰ পাছত, অৰ্থাৎ ১১ ডিচেম্বৰত ১৯৩খন ৰাষ্ট্ৰৰ ভিতৰত ১৭৫খন ৰাষ্ট্ৰৰ সমৰ্থনেৰে প্ৰস্তাৱটি গৃহীত হয়। তাৰ ঠিক পাছৰে পৰা অৰ্থাৎ ২০১৫ চনৰ পৰা সমগ্ৰ বিশ্বতে ২১ জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে।আমাৰ দেশৰ অতি প্ৰাচীনতম ক’লা মাজত এক যোগবিদ্যা এতিয়া বিশ্ব পৰিচিত। সেয়েহে এই যোগবিদ্যা বা যোগ শিক্ষা, সাধনাৰ জৰিয়তে সমগ্ৰ বিশ্ববাসীক কেনেদৰে একত্ৰিত কৰি চৌদিশে শান্তি স্থাপন কৰিবলৈ সক্ষম হ’ম তাৰ বাবে আমি সমগ্ৰ দেশবাসীয়ে আগবঢ়ি ওলাই আহি সমগ্ৰ বিশ্ববাসীৰ মাজত সজাগতাৰ সৃষ্টি কৰিব লাগে। এসময়ত যিদৰে আমাৰ ভাৰতবৰ্ষয়ে বিশ্বগুৰু ৰূপে গোটেই বিশ্বতে মানৱজাতিৰ মাজত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান‌ সময়তো এই জটিল পৰিস্থিতিতৰ মাজত গোটেই বিশ্ববাসীয়ে আকৌ এবাৰ ভাৰতবৰ্ষৰ পিনে মোৰ দাঙি চাবলৈ বাধ্য হৈ পৰিছে। কিন্তু বিশ্বগুৰু ভাৰতবৰ্ষয়ে এসময়ত গোটেই বিশ্বৰ আগত যি স্থান দখল কৰিবলৈ সক্ষম হৈছিল । বৰ্তমান সময়তো সেই একে বিশ্বগুৰু হোৱাৰ সামৰ্থ্য আমাৰ মাজত বিদ্যামান হৈ আছেনে? যদি সঁচাকৈয়ে আমাৰ মাজত সামৰ্থ্যবোৰ অন্তৰ্নিহিত হৈ আছে তেন্তে আমি সেই সকলোখিনি প্ৰতিভা, ক্ষমতা আৰু শক্তি সমূহ ব্যৱস্থিত ৰূপ দিয়াৰহে যত্ন কৰা উচিত হ’ব।

(কিছুমান তথ্য সংগ্ৰহ কৰাৰ লগতে মোৰ লিখনিত নিজৰ ব্যক্তিগত ভাববোৰ সংযোজন কৰা হৈছে। গতিকে মোৰ চিন্তাধাৰা সকলোৰে ক্ষেত্ৰত সম্পূৰ্ণ ৰূপত শুদ্ধ নহ’বও পাৰে।)