জীৱনত পূৰ্ণতা অনুভৱ কৰিবলৈ ধৰিলেহে সফলতাবোৰ কাষ চাপি আহে
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
আমি প্ৰায় সকলোবোৰ মানুহে সদায় সফলতাৰ পিছত দৌৰ দি ফুৰো । কিন্তু সফলতাক আমি আমাৰ পিনে আকৰ্ষণ কৰিবলৈ প্ৰায়ে অসমৰ্থ হৈ পৰো নহয়নে? অৰ্থাৎ আমি বেছিভাগ মানুহে নিজ নিজ জীৱনত নিজৰ ইচ্ছা অনুসৰি সম্পূৰ্ণ ৰূপত সফলতা পাবলৈ সক্ষম নহও। আমি বেছিভাগ মানুহে নিজ নিজ জীৱনত নিৰ্দিষ্ট ধৰনৰ লক্ষ্য স্থিৰ কৰি একদম সঠিক ধৰণৰে আগুৱাই গৈ থাকো তথাপিও আমি কিয় এক সফল জীৱন ৰচনাৰ পৰা বিমুখ হৈ পৰোঁ। কেতিয়াবা ইয়াৰ কাৰণবোৰ বিচাৰিবলৈ যত্ন কৰিছেনে ? আচলতে আমি দেখি থকা সৰু সৰু নদ,নৰ্মদা আদিৰ পৰা ওলাই অহা পানীবোৰ সাগৰৰ লগত গৈ সংযোগ ঘটে। অৰ্থাৎ সাগৰত পানীৰ পূৰ্ণতা হোৱাৰ পিছতো কেবল সাগৰতে গৈ সকলো দিশত পানীৰ কিয় সংযোজন হয় ? দৰাচলতে নদ,নৰ্মদা ,নদীবোৰৰ পানীবোৰ মৰুভূমিৰ দৰে স্থান সমূহত কিয় গতি নকৰাকৈ থাকে?ইয়াৰ একমাত্ৰ কাৰণ হল আমাৰ নিয়তিৰ বা প্ৰকৃতিৰ নিয়ম অনুসৰি যিবোৰ ঠাইত পূৰ্ণতা আছে কেৱল সেইবোৰ ঠাইতে আৰু পূৰ্ণতাৰ প্ৰদান কৰিবলৈ যত্ন কৰে । অৰ্থাৎ যি সমূহ ঠাইত অভাৱৰ ওপৰত অভাৱ থাকে সেই ঠাই সমূহত প্ৰকৃতিৰ নিয়ম অনুসৰি বেছিভাগ ক্ষেত্ৰতে চৌদিশে কেৱল অভাৱময় পৰিবেশে বিৰাজমান কৰে। নহলে আমি নিজেই নিজৰ ঘৰত অহা আলহীৰ মান,মৰ্যাদা, পদ,প্ৰতিষ্ঠা অনুসৰি ভিন ভিন মানুহক ভিন ভিন ধৰণেৰে সেৱা ,শুশ্ৰূষা প্ৰদান কৰোঁ। আৰু ৰাস্তাৰে গৈ থকা ভিক্ষাৰী এজনক এটকা, দুটকা, বা পাচ টকা আৰু একেবাৰে অধিক হলে দহ টকা মান দি বিদায় দিওঁ। আমি আমাৰ সমাজতে কিছুমান মানুহক উদ্দেশ্য কৰি কওঁ যে তেখেতৰ কেবল চৌদিশৰ পৰা টকাই,টকা আহে। অৰ্থাৎ যত ভৰপূৰ থাকে তাতেই আকৌ উপচি, উপচি ভৰি পৰা দেখা যায় আৰু যত অভাৱগ্ৰস্ত হয় তাতেই আকৌ বহুতো অসুবিধাৰ সন্মুখীন হব লগা হয়।গতিকে উপৰোক্ত আলোচনাৰ জৰিয়তে এইটোৱেইমান অৱগত কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ যে, যদিও আমি বাহ্যিক ভাবে বিভিন্ন দিশত অভাৱগ্ৰস্ত হও তথাপিও সদায় আত্মিক বা মানসিক ৰূপত পূৰ্ণতাৰ অনুভৱ কৰিবলৈ যত্ন কৰিব লাগে। ইয়াৰ ফলত অৎসনাত ভাৱে আমাৰ জীৱন ধাৰণাত বহু কিবি ডাঙৰ পৰিৱৰ্তন দেখিবলৈ নাপালেও লাহে লাহে কৰি এসময়ত গৈ নিজ জীৱন কালতে প্ৰকৃতিয়ে পূৰ্ণতা প্ৰদান কৰি অহা দেখিবলৈ সক্ষম হম। অৰ্থাৎ জীৱনত পূৰ্ণতা অনুভৱ কৰিবলৈ ধৰিলেহে সফলতাবোৰ কাষ চাপি আহে । গতিকে অন্যান্য মানুহৰ সফলতাবোৰ দেখি নিজে কেতিয়াও হিনমান্যতাৰ সন্মুখীন নহব। বৰঞ্চ সদায় নিজৰ মনোবল,আত্মবল দৃঢ় কৰি লাহে লাহে নিজ জীৱনত পূৰ্ণতা নামি আহাৰ কল্পনা কৰাৰ লগতে বুদ্ধিমত্তাৰ সৈতে দুগুণ উৎসাহাৰে কৰ্ম যগ্যত নামি পৰক।