জীৱনত টকা উপাৰ্জন কৰাৰো নিজৰ সুকীয়া এক সিদ্ধান্ত থকা উচিত ?
চন্দ্ৰ শেখৰ পৰাজুলী
বিশ্বনাথ চাৰিআলি, অসম
টকা হল এনে এবিধ বস্তু যাৰ কবলত পৰি বহু ভদ্ৰলোকৰো ভৰি পিচলি পৰা পৰিলক্ষিত হয়। টকা হল সকলো মানুহৰেবাবে এক বহু দৰকাৰী বিষয়-বস্তু। সেয়েহে ইয়াৰ উপকাৰীতাৰ লগে কিছু কিছু ক্ষেত্ৰত টকা জৰিয়তে অপ্ৰয়োজনীয় অদৰকাৰী পৰিস্থিতিৰো উদ্ভৱ হোৱা পৰিলক্ষিত হয়। এতিয়া কথা হল আমাৰ মানৱ জীৱনত টকা উপাৰ্জন কৰাৰো নিজৰ সুকীয়া এক সিদ্ধান্ত থকা উচিত ? ইয়াৰ উত্তৰৰ মই একেবাৰে হয়ভৰ দি সন্মতি প্ৰদান কৰিব বিচাৰোঁ। কাৰণ টকা মানৱ সমাজৰ জীবিকা প্ৰদানৰ বাবে অত্যাৱশ্যকীয় বস্তু হলেও টকাৰ বাবে আমি নিজৰ আত্মসন্মানক আহুতি দি যিকোনো ধৰণৰে টকা উপাৰ্জন কৰি জীৱন নিৰ্বাহ কৰিব পাৰিম জানোঁ ? মই ইয়াতে আপোনালোকক কথা এটা অবগত কৰিব বিচাৰোঁ যে,নিজৰ আত্মসন্মানত আঘাত নলগাকৈ কৰা যিকোনো ধৰণৰ কামে মোৰ মতে বহু শ্ৰেষ্ঠ। কিন্তু কেৱল টকাৰ বাবে যিকোনো ধৰণৰ কাম কৰিবলৈ কুন্ঠবোধ নকৰা মানুহ এজনে নিজৰ প্ৰয়োজন বসত অতিকৈ আপোন বুলি বিবেচনা কৰা নিজ পৰিয়ালৰ সদস্যকো বিক্ৰী কৰি নিজৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আগবাঢ়ি ওলাই আহিব পাৰে।কিয়নো তেনেকুৱা ধৰণৰ মানুহৰ মানসিকতাৰ আগত জীৱনত পোৱা সকলো ধৰণৰ বিষয়-বস্তবোৰকে একেবাৰে তুচ্ছ বুলি বিবেচনা কৰা দেখিবলৈ পোৱা যায়। আচলতে প্ৰতিজন মানুহে নিজৰ নিজৰ মানসিকতা ওপৰত বিশ্বাস কৰি নিজে নিজেই ভুল শুদ্ধ বাচনি কৰি আগুৱাই যায়। কিন্তু তাৰোপৰিও এক মানৱতাৰ খাতিৰতো কিছু ভাল আৰু কিছুমান বেয়া দিশ অন্তনিৰ্হিত হৈ থাকে তাক বৰ্তমান সময়ৰ সমাজৰ মানুহে জানি শুনি আওকাণ কৰি চলিবলৈ আৰম্ভ কৰি দিছে।কাৰণ ভাল দিশৰ জৰিয়তে ধন আয়ত্ব কৰিবলৈ গলে মানুহে বহু কষ্ট সহ্য কৰিব লগিয়া হয় আৰু ভাল দিশত গতি কৰিলে নিজৰ জীৱনৰ উন্নতি সাধন বৰ লেহেমীয়া গতিত হোৱা পৰিলক্ষিত হয়। ফলত মানুহে বৰ্তমান সময়ত টকাৰ জৰিয়তে আয়ত্ব কৰিব পৰা প্ৰায়বোৰ ক্ষমতাকে অতি দূৰ্ত গতিত নিজৰ প্ৰয়োগলৈ লৈ অহাৰ ইচ্ছা প্ৰকাশ কৰে।
গতিকে মোৰ জৰিয়তে উত্থাপিত হোৱা বিষয়-বস্তু বৰ্তমানৰ সময় সাপেক্ষে লগতে উঠি অহা নৱপ্ৰজন্মক উদ্দেশ্য কৰি আপোনালোকৰ মাজত ৰাখিছোঁ যে, জীৱনত টকা উপাৰ্জন কৰাৰো নিজৰ সুকীয়া এক সিদ্ধান্ত থকা উচিত ? আচলতে মোৰ দ্বাৰা উত্থাপিত হোৱা প্ৰশ্নত বহু মতনৈক্যৰ সৃষ্টি হোৱাটো একেবাৰে স্বাভাৱিক। কিন্তু এই ক্ষেত্ৰত আপুনি, হয় আপোনাকে কৈছে, টকা উপাৰ্জন কৰা দিশতো মানৱীয় ভাৱধাৰা বা পৰাপক্ষত সঠিক এক সিদ্ধান্ত আগত ৰাখি আগুৱাই যোৱা উচিত হব নে মানৱীয়তাক ধূলিস্যাৎ কৰি কেৱল মাত্ৰ টকাকে প্ৰাধান্য প্ৰদান কৰি আগুৱাই যোৱা উচিত হব ?