জীৱনত কিবা কৰিম বুলি ভাবিছে তেন্তে কলা মানুহৰ আচৰণে শ্ৰেষ্ঠ – চন্দ্ৰ শেখৰ পৰাজুলী

PC - Pexels

জীৱনত কিবা কৰিম বুলি ভাবিছে তেন্তে কলা মানুহৰ আচৰণে শ্ৰেষ্ঠ

চন্দ্ৰ শেখৰ পৰাজুলী,
বিশ্বনাথ চাৰিআলি

আমি আচলতে মানুহ হিচাপে বৰ বিচিত্ৰ প্ৰাণী। কাৰণ আমি সকলোৱে জানো যে নিজা জীৱনৰ সিদ্ধান্তবোৰ সদায় নিজ গ্ৰহণ কৰা উচিত হয়। তথাপিও কিন্তু প্ৰতিটো কামতে আমি আনৰ প্ৰতিক্ৰিয়া পাবলৈ ইচ্ছা প্ৰকাশ কৰি থাকো নহয়নে ? অৰ্থাৎ পৰাপক্ষত আমি কৰি থকা কৰ্মবোৰৰ লক্ষ্য, উদ্দেশ্য একেবাৰে সঠিক থাকিলেও আমি আনৰ দ্বাৰা প্ৰদান কৰা বেয়া, বেয়া প্ৰতিক্ৰিয়াৰ ওপৰত নিৰ্ভৰ হৈ কৰি থকা কৰ্মবোৰ আধাতে এৰি দিবলৈ তৎপৰ হৈ পৰো। কিন্তু আমি কৰি যোৱা কৰ্মবোৰৰ জৰিয়তে আনৰ পৰা কেৱল প্ৰশংসা বুটিলি ঘুৰি-ফুৰাতকৈ নিজৰ আত্ম সন্তুষ্টি বা আত্ম উপলব্ধি বাবে কৰা উচিত হ’ব। কাৰণ হ’ব পাৰে মন আৰু মস্তিষ্কৰ দ্বাৰা কেতিয়াবা হয়তো ভুল সিদ্ধান্ত গ্ৰহণৰ প্ৰতি আমাক অগ্ৰসৰ কৰি তুলিব পাৰে কিন্তু এজন মানুহৰ আত্ম শক্তিবোৰে কেতিয়াও বেয়া দিশ নিদৰ্শন  নকৰে। যেতিয়া চোৰ এজনক মন, মস্তিষ্কয়ে যদিও চুৰি কৰিবলৈ উৎসাহিত কৰে তথাপিও চুৰি কৰাটো যে বেয়া অভ্যাস এই ভাবধাৰাৰ জন্ম লোৱা ঠাইখনে হ’ল অন্তৰআত্মা।

এতিয়া কথা হ’ল, মোৰ লিখনি ভাগৰ মুখ্য উদ্দেশ্যলৈ আহো নহয়নে? সঁচাকৈ জীৱনত কিবা কৰিম বুলি ভাবিছে তেন্তে কলা মানুহৰ আচৰণে শ্ৰেষ্ঠ। আচলতে মই কিহৰ বাবে এই কথাষাৰ উল্লেখ কৰিছোঁ হয়তো বেছিভাগ মানুহেই ধৰিবলৈ সক্ষম হৈছে। তথাপিও সৰু এটি উদাহৰণ জৰিয়তে ইয়াক আৰু ভালকৈ বুজিবলৈ যত্ন কৰোঁ আহকচোন। এসময়ত এদল পৰ্বত আৰোহীয়ে বহু বিশাল পৰ্বত আৰোহণ কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু লাহে লাহে কৰি প্ৰায় সকলোবোৰ পৰ্বত আৰোহীয়ে একেবাৰে শিখৰলৈ অতিৰিক্ত কৰিব নোৱাৰি আধাতে ধাৰাষায় হৈ পৰিল। কিন্তু তাৰে মাজতে কেবল মাত্ৰ এজন পৰ্বত আৰোহীয়ে অতি সতৰ্কতা অবলম্ব কৰি পৰ্বতৰ শিখৰলৈ আগুৱাই গৈ আছিল। এনেতে আধাতে ব্যৰ্থ হোৱা পৰ্বত আৰোহীবোৰে লগলাগি সেই অকলশৰীয়া আগুৱাই যোবা পৰ্বত আৰোহী জনক বাধা দিবলৈ নানান ধৰণে চিঞৰ-বাখৰ কৰি, নানা অজুহাত দেখুৱাই ভয় খুৱাই তেওঁৰ যাত্ৰা পথত বাধা উৎপন্ন কৰিবলৈ বহু চেষ্টা চলাই থাকিল। কিন্তু সেই অকলশৰীয়াকৈ আগুৱাই যোৱা পৰ্বত আৰোহীজন আছিল এজন কলা। গতিকে তেওঁ মনে মনে ভাবিলে যে সকলোৱে মোক চিঞৰ-বাখৰ কৰি মোক আগুৱাই যাবলৈ বহু উৎসাহ প্ৰদান কৰি আছে। সেয়েহে মই একেবাৰে শিখৰত উপনীত নোহোৱালৈকে মনোবল ভাঙি যাবলৈ নিদিওঁ। অন্তিমত একমাত্ৰ  তেওঁ কলা হোৱাৰ বাবে আনৰ কথাবোৰ নুশুনাৰ ফলত একেবাৰে পৰ্বতৰ শিখৰলৈ উপনীত হবলৈ সক্ষম হ’ল। গতিকে আপুনি যদি বেয়া দিশলৈ গতি কৰিবলৈ ধৰিছে তেন্তে মানুহে আপোনাক নানান ধৰণে ঠাট্টা প্ৰদান কৰি একেবাৰে বেয়া দৃষ্টিৰে চাবলৈ আৰম্ভ কৰি দিব। লগতে বহুতো মানুহে মনে মনে হয়তো বহুত ভালো পাব পাৰে। কিন্তু যেতিয়াই আপুনি একেবাৰে উচিত দিশলৈ বুলি যাত্ৰা আৰম্ভ কৰি দিব ঠিক তেতিয়াই এতিয়াৰ বেচিভাগ মানুহে বাধা প্ৰদানৰ বাবে অপ্ৰাণ চেষ্টা চলাব। সেয়েহে অন্তিমত আকৌ এবাৰ জোৰ দি কৈছোঁ ,জীৱনত কিবা কৰিম বুলি ভাবিছে তেন্তে কলা মানুহৰ আচৰণে শ্ৰেষ্ঠ ।