জীৱনক লৈ এমুঠি অনুভৱ – নন্দেশ্বৰ মিলি

Pc Wikipedia

জীৱনক লৈ এমুঠি অনুভৱ…

নন্দেশ্বৰ মিলি

সৌৱা আকাশত এজাক জিলমিল তৰা
তিৰবিৰাই তিৰবিৰাই কৈ যায় বহু কথা
হাঁহি-কান্দোন,সুখ-দুখ,আশা-নিৰাশা
জীৱনৰ অনেক গোপন ভাষা।
জীৱনটোনো কি!এই আছে সেই যায়
দুদিনীয়া সময়ত ইমান ভেম-অহংকাৰ
কিবা আছে জানো লাভ সেইবোৰ ৰাখি
প্ৰেম,ভালপোৱা,বিশ্বাস,একতা সু-সম্পৰ্ক
জীৱনলৈ আনে সুখ-সমৃদ্ধি-প্ৰগতি।
দুৰ্বলতা-বিফলতা-আত্মবিশ্বাসহীনতা
আনে জীৱনলৈ ঘোৰ আঁউসী নিশা
সবলতা-সফলতা-আত্মবিশ্বাসে
কঢ়িয়াই জীৱনলৈ পূৰ্ণিমাৰ জ্যোতি ।
বিনয়ী-সৰলতা-সংযম আৰু সু-চৰিত্র
জীৱনটোৰ একো একোটা আভূষণ
জ্ঞান-শিক্ষা-প্ৰজ্ঞা-অভিজ্ঞতাই
জীৱনটোত চৰায় সোণত সুৱগা।