জীৱনক অধপতনে লৈ যাব নালাগে,স্বতঃস্ফুৰ্তভাৱে গতি কৰে – চন্দ্ৰ শেখৰ পৰাজুলী

pc-lifeberry

জীৱনক অধপতনে লৈ যাব নালাগে,স্বতঃস্ফুৰ্তভাৱে গতি কৰে

চন্দ্ৰ শেখৰ পৰাজুলী
বিশ্বনাথ চাৰিআলি,অসম

মানুহৰ জীৱন প্ৰক্ৰিয়া বৰ জটিল যদিওঁ প্ৰতিজন মানুহৰ মাজত এক সামঞ্জস্য স্থাপন হোৱা পৰিলক্ষিত হয়। অৰ্থাৎ এজন মানুহৰ লগত আন এজন মানুহৰ প্ৰতিটো ক্ষেত্ৰতে হুবহু মিল নাথাকিলেওঁ এনে ধৰণৰ কিছুমান দিশ আছে যিবোৰৰ দিশত প্ৰত্যেকজন মানুহৰ মাজত একেধৰণে ক্ৰিয়া-পতিক্ৰিয়া কৰা দৃষ্টিগোচৰ হয়। সেয়েহে মোৰ মতে আমি প্ৰতিজন মানুহে জন্মৰ পিছৰে পৰা ইয়াক সকলোবোৰ সুস্থ সবল মানুহে অনুমান লগাবলৈ সক্ষম হৈছোঁ। গতিকে এইবোৰ দিশক লৈ উদাহৰণ সহকাৰে বেলেগকৈ বুজাবলৈ কোনো প্ৰয়োজনীয়তা নাই নহয়নে ? এতিয়া কথা হ’ল প্ৰতিটো বিষয়তে এক ইতিবাচক আৰু নেতিবাচক দিশ সাঙুৰ খাই থাকে  আৰু প্ৰতিজন মানুহৰ জীৱনতে এইবোৰ প্ৰায় একেদৰেই প্ৰযোজ্য হোৱা দেখা যায়।
এতিয়া আহো আলোচনাৰ মূল বিষয়বস্তুলৈ।জীৱনক অধপতনে  লৈ যাব নালাগে,স্বতঃস্ফুৰ্তভাৱে গতি কৰে । এই কথাবোৰৰ হয়তো প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰত সমানে প্ৰযোজ্য হোৱা দেখা যায়। কাৰণ জীৱনত নিজৰ ব্যক্তিগত অবস্থাৰ পৰা আৰু অধিক ৰূপত সফলতা অৰ্জন কৰিবলৈ হলে অত্যাধিকভাবে সংগ্ৰাম, সংঘৰ্ষ, পৰিশ্ৰম কৰাৰ দৰকাৰ হয় নহয়নে? কিন্তু মানুহৰ জীৱনক অধপতনে গতি কৰাবলৈ কোনো পৰিশ্ৰম কৰিবলগীয়া নহয়। কাৰণ জীৱনত আগুৱাই যাব নোৱাৰিলে আমাৰ মানৱ জীৱন স্বতঃস্ফুৰ্তভাৱে পিছলৈ গতি কৰিবলৈ আৰম্ভ কৰি দিয়ে। আহক আমি ইয়াক সামান্য সৰু এক উদাহৰণ সহকাৰে বুজাবলৈ যত্ন কৰোঁ। ধৰিললো আপুনি কৰবালৈ ফুৰিবলৈ গৈছে। তাতেই আপুনি ঠাইবোৰ চাবলৈ ওলাই যাওঁতে সমতল ভূমিৰ পৰা ৰাস্তাৰ মাজতে এখন একেবাৰে থিয়কৈ থকা ওখ টিলাক পাৰ কৰিবলগীয়া হয়। হয়তো এতিয়া আপুনি নিজৰ শৰীৰৰ সমস্ত বলবোৰ প্ৰয়োগ কৰি আগবাঢ়ি যাব লাগিব নহ’লে অকণমান আগুৱাই গৈ মাজতে থমকি ৰবলৈ চেষ্টা কৰে তেন্তে তাৰ পৰা নিজে নিজে বাগৰি আহি একেবাৰে তলত আহি পৰিব  নহয়নে? অৰ্থাৎ মোৰ কোৱাৰ তাৎপৰ্য এইটোৱে যে, সেই ওখ টিলাৰ দৰে জীৱনত আগুৱাই যাবলৈ বহু পৰিশ্ৰম কৰিবলগীয়া হয়। কিন্তু বৰ্তমান সময়ত জীৱনত য’ত আছে তাতেই থাকিবলৈ বা তাতোকৈ আৰু অধিক পিছোৱাই যাবলৈ কোনো পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা নাই। কাৰণ যেতিয়াই আপুনি আগবঢ়াই যোৱাৰ প্ৰতিটো প্ৰয়াস বন্ধ কৰি দিয়ে সেই তেতিয়াৰে পৰা স্বতঃস্ফুৰ্তভাৱে আপোনাৰ জীৱন অধপতনে গতি কৰিবলৈ আৰম্ভ কৰে। গতিকে জীৱনত যদি ভাল দিশলৈ গতি কৰিবলৈ প্ৰস্তুত তেন্তে এক নিৰন্তৰতা ৰখাৰ অতিকৈ প্ৰয়োজনীয়তা হয়। আমাৰ জীৱনত হয়তো কেতিয়াবা সমতল ভূমি আহিব তাৰে মাজতে হয়তো ওখ ওখ টিলাক পাৰ কৰিবলগীয়া হ’ব পাৰে। এনেদৰে এইবোৰ প্ৰক্ৰিয়াৰ নিৰন্তৰ পুনৰাবৃত্তি হৈ থাকিব পাৰে। সেয়েহে নিজৰ লক্ষ্য, উদ্দেশ্যবোৰৰ ওপৰত দৃঢ় সংকল্পবদ্ধ হৈ প্ৰতি দিন‌,প্ৰত ক্ষণে কেৱল আগুৱাই যাবলৈ চেষ্টা অব্যাহত ৰখা উচিত। নহ’লে আমাৰ মানৱ জীৱনবোৰ স্বতঃস্ফুৰ্তভাৱে অধপতনে গতি কৰিবলৈ আৰম্ভ কৰি দিয়ে।