জীয়ৰী শ্বীনাৰ হত্যাৰ গোচৰত ইন্দ্ৰাণীৰ জামিন মঞ্জুৰ
ৰঙিলী বাৰ্ত্তসেৱা- উচ্চতম ন্যায়ালয়ে জীয়েক শ্বীনা বৰাৰ হত্যাৰ সৈতে জড়িত গোচৰটোৰ মুখ্য অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীক জামিন প্ৰদান কৰি কয় যে তেওঁ “ইতিমধ্যে ৬.৫ বছৰ কাৰাগাৰত কটাইছে”। ২০২১ চনৰ ডিচেম্বৰত মুখাৰ্জীয়ে চিবিআইলৈ এখন পত্ৰ লিখি দাবী কৰে যে শ্বীনা জীয়াই আছে আৰু কাশ্মীৰত আছে। চিবিআইয়ে ইন্দ্ৰাণী মুখাৰ্জীৰ দাবী খণ্ডন কৰিছিল।
