জি এন আৰ চি এ অহা ২৯ ছেপ্টেম্বৰত ‘বিশ্ব হার্ট দিৱস’ উপলক্ষে আগবঢ়াব শিক্ষামূলক অনুষ্ঠান

pc Justdial

জি এন আৰ চি এ অহা ২৯ ছেপ্টেম্বৰত ‘বিশ্ব হার্ট দিৱস’ উপলক্ষে আগবঢ়াব শিক্ষামূলক অনুষ্ঠান

অনলাইন বাৰ্ত্তাসেৱা – অহা ২৯ ছেপ্টেম্বৰত ‘বিশ্ব হার্ট দিৱস’। সেই উপলক্ষে উত্তৰ-পূৰ্বাঞ্চলৰ মাল্টিস্পেচিয়েলিটী হাস্পতাল জি এন আৰ চি এ হৃদযন্ত্ৰৰ ৰোগসমূহৰ বিষয়ে সমাজৰ প্ৰতিগৰাকী ব্যক্তিক সজাগ কৰি নিজৰ সুৰক্ষাৰ বাবে নিজকে দায়বদ্ধ নাগৰিক হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে প্ৰচাৰ মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে ছেপ্টেম্বৰ মাহটোত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। হৃদযন্ত্ৰৰ ধমনী উপধমনীৰ ৰোগসমূহ আৰু হাৰ্টৰ যত্নৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে যোৱা ৭ ছেপ্টেম্বৰত বৃদ্ধাশ্রম ‘আমাৰ ঘৰ’ আৰু মানসিকভাৱে দুৰ্বল ব্যক্তিৰ আৱাস ‘ডেষ্টিনেচন’ত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছিল। থিক সেইদৰে এই বছৰৰ বিশ্ব হার্ট দিৱসৰ মূল বিষয়বস্তু হ’ল— ‘হার্ট টু হার্ট কানেক্টঃ দ্য ডিজিটেল ৱে’। এই বিষয়বস্তুক মূলমন্ত্র হিচাপে লৈ উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ বিষয়ে সামাজিক মাধ্যমৰ যোগেদি হৃদযন্ত্র কেনেদৰে সুস্থ-সবল কৰি ৰাখিব লাগে সেই সম্পর্কে শিক্ষামূলক অনুষ্ঠান আগবঢ়ায় জিএনআৰচি হাস্পতালৰ জ্যেষ্ঠ হৃদৰোগ বিশেষজ্ঞ ডাঃ প্রবীৰ কমাৰ গুপ্তাই। হৃদৰোগঃ ইয়াৰ লক্ষণ আৰু চিকিৎসা’ৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা গঢ়িবলৈ সামাজিক মাধ্যমৰ যোগেদি আহ্বান জনায় ডাঃ বিপ্লব পালে।

(UD.)