জিলা পুথিভঁৰালত এছ ইউ চি আইৰ শিৱদাস ঘোষৰ মৃত্যু দিৱস
ৰঙিলী বাৰ্ত্তাসেৱা- এছ ইউ চি আই(কমিউনিষ্ট) দলৰ অসম ৰাজ্যিক কমিটিৰ উদ্যোগত গুৱাহাটী জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত এছ ইউ চি আই (কমিউনিষ্ট)ৰ প্ৰতিষ্ঠাতা, সৰ্বহাৰাৰ মহান নেতা, এই যুগৰ অন্যতম শ্ৰেষ্ঠ মাৰ্ক্সবাদী দাৰ্শনিক আৰু চিন্তানায়ক শিবদাস ঘোষৰ ৫০ তম মৃত্যু দিৱস উপলক্ষে ৰাজ্যিক ভিত্তিত এক সমাৱেশ অনুষ্ঠিত হয়।মূখ্য বক্তা হিচাবে উপস্থিত থাকে দলৰ কেন্দ্ৰীয় কমিটিৰ পলিটবুৰৰ প্ৰবীণ সদস্য, প্ৰখ্যাত জননেতা অসিত ভট্টাচাৰ্য্য।সমাৱেশত সভাপতিত্ব কৰে দলৰ ৰাজ্যিক কমিটিৰ সম্পাদক, কেন্দ্ৰীয় কমিটিৰ সদস্য চন্দ্ৰলেখা দাসে।মুখ্য বক্তা অসিত ভট্টাচাৰ্যই প্ৰয়াত মহান নেতাগৰাকীৰ প্ৰতি বিপ্ৰৱী শ্ৰদ্ধাজ্ঞাপন কৰি তেওঁৰ ভাষণত কয়, সমগ্ৰ দেশ আজি এটি অতি গভীৰ অৰ্থনৈতিক সংকটত নিমজ্জিত হৈছে। অভাবনীয় মূল্যবৃদ্ধি, উৎকট নিবনুৱা সমস্যা, তাৰ লগতে তীব্ৰ মূদ্ৰাস্ফীতি আৰু তীব্ৰ মন্দা,নতুন কলকাৰখানা গঢ়ি উঠা দূৰত থাকক, সৰু বৰ মজলীয়া সকলোপ্ৰকাৰৰ কলকাৰখানা বন্ধ হৈ যোৱাৰ ফলত জীয়াই থকাৰ কোনো অবলম্বন নাপাই মানুহে উন্মাদৰ দৰে সমগ্ৰ দেশত চাৰিওপিনে দৌৰি ফুৰিছে। জীবিকাৰ কোনো অবলম্বন নথকা ৮২ কোটি দাৰিদ্ৰসীমাৰ তলত থকা মানুহক নামমাত্ৰ বিনামূলীয়া চৰকাৰী খাদ্য ৰেচন হিচাপে দি জীয়াই ৰখাৰ চেষ্টা হলেও মানুহে বেঘোৰত প্ৰাণ হেৰুৱাইছে। ইয়াৰ লগত যুক্ত হৈছে তীব্ৰ ৰাজনৈতিক সংকট যিয়ে মানুহক পিষ্ট কৰি মাৰিছে। তাৰ লগতে জন্ম হৈছে তীব্ৰ সাংস্কৃতিক সংকট–হত্যা, ধৰ্ষণৰ পৰা আৰম্ভ কৰি নানা প্ৰকাৰৰ চূড়ান্ত সাংস্কৃতিক অবক্ষয়, সকলো প্ৰকাৰৰ মূল্যবোধৰ অবলুপ্তিয়ে সমগ্ৰ দেশৰ সমাজ জীৱনক ছেদেলি-ভেদেলি কৰি পেলাইছে।চূড়ান্ত বিচাৰত দেশৰ পুঁজিবাদী অৰ্থনৈতিক ব্যৱস্থা আৰু ৰাষ্ট্ৰগাঁথনিৰ পৰাই যে এইবোৰ উদ্বুত হৈছে তাক ব্যাখ্যা কৰি শ্ৰী ভট্টাচাৰ্যই সকলো ৰাজ্যৰ, অসম সহ সমগ্ৰ ভাৰতবৰ্ষৰ জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলো শোষিত জনসাধাৰণক শোষণ, অত্যাচাৰ, অবিচাৰৰ অবসানকল্পে বিপ্লৱী ভাবধাৰাত ধাৰাবাহিক আৰু শক্তিশালী ঐক্যবদ্ধ গণ আন্দোলন গঢ়ি তোলাৰ বাবে আহ্বান জনায়। সভাপতিৰ ভাষণত চন্দ্ৰলেখা দাসে ৰাজ্যত চলি থকা উচ্ছেদক অমানৱিক আখ্যা দি শাসক গোষ্ঠীয়ে সাম্প্ৰদায়িক বিষবাস্প বিয়পাই দি জনসাধাৰণৰ ঐক্যক ধ্বংস কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে সজাগ আৰু সচেতন থকাৰ বাবে ৰাইজলৈ আহ্বান জনায়৷সমাবেশত তাৰোপৰি বক্তব্য ৰাখে দলৰ পলিটব্যুৰো আৰু ৰাজ্যিক কমিটিৰ সদস্য কান্তিময় দেবে।উল্লেখযোগ্য যে, সমাৱেশত ৰাজ্যত চলি থকা অমানৱীয়, নিৰ্মম, নিষ্ঠুৰ উচ্ছেদ, কৰিমগঞ্জ জিলাৰ নাম পৰিৱৰ্তন কৰা আৰু চৰকাৰী স্কুলসমূহ বন্ধ কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে তিনিখন প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গ্ৰহন কৰা হয়৷তাৰ আগতে পুৱা দলৰ ৰাজ্যিক কাৰ্যালয়ত দলীয় পতাকা উত্তোলন আৰু মহান নেতা শিবদাস ঘোষৰ প্ৰতিকৃতিত মাল্যদান কৰি শ্ৰদ্ধা জনোৱা হয়৷