জিলা নির্বাচনী বিষয়া কাৰ্যালয়ৰ উদ্যোগত আজি জনসাধাৰণৰ মাজত ভোটাধিকাৰ সম্পৰ্কত বোকাখাতত বাটৰ নাট পৰিবেশন

জিলা নির্বাচনী বিষয়া কাৰ্যালয়ৰ উদ্যোগত আজি জনসাধাৰণৰ মাজত ভোটাধিকাৰ সম্পৰ্কত বোকাখাতত বাটৰ নাট পৰিবেশন 

মৃদুস্মিতা শৰ্মা ,বোকাখাত ,ৰঙিলী বাৰ্ত্তাসেৱা- আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ১০ নং কাজিৰঙা লোকসভা সমষ্টিত ১৯ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া প্রথম পৰ্যায়ৰ নিৰ্বাচনত ভোটাৰ সকলক ভোটদানৰ প্ৰতি সজাগতা বৃদ্ধিৰ আৰু জনসাধাৰণক ভোটাধিকাৰ সম্পর্কত সজাগ কৰাৰ লক্ষ্যৰে বোকাখাত জিলা নির্বাচনী বিষয়া কাৰ্যালয়ৰ ভোটাৰৰ পদ্ধতিগত শিক্ষা আৰু নিৰ্বাচনত অংশগ্রহণ কোষে বিভিন্ন সজাগতামূলক কার্যসূচী গ্রহণ কৰিছে । কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত ১০৫ নং বোকাখাত বিধানসভা সমষ্টিত বোকাখাত জিলা নির্বাচনী বিষয়া কাৰ্যালয়ৰ এই কোষৰ উদ্যোগত সমষ্টিটোৰ বিভিন্ন স্থানত বাটৰ নাট পৰিবেশন কৰে। ভোটাৰৰ পদ্ধতিগত শিক্ষা আৰু নিৰ্বাচনত অংশগ্রহণ কোষে ভোটাৰসকলৰ মাজত তেওঁলোকৰ ভোটৰ মূল্য সম্পৰ্কে সজাগতা সৃষ্টিৰ সমান্তৰালকৈ প্ৰতিজন নাগৰিকে কি দৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি এখন সুস্থ গণতান্ত্রিক দেশ নির্মাণ প্রক্রিয়াক অধিক শক্তিশালী আৰু সুদৃঢ় কৰি তুলিব পাৰি আদি বিষয়বস্তুক বাটৰ নাটৰ জৰিয়তে ভোটাৰ ৰাইজৰ মাজত উপস্থাপন কৰে। উল্লেখ্য যে, ১০৫ নং বোকাখাত বিধান সভা সমষ্টিৰ অন্তৰ্গত কাজিৰঙাৰ কঁহৰা চাৰিআলিত, বোকাখাত নগৰৰ নাট্য মন্দিৰৰ সন্মুখত, নুমলীগড় তিনি আলি আৰু বাদুলিপাৰত ভোটাৰৰ পদ্ধতিগত শিক্ষা আৰু নির্বাচনত অংশগ্ৰহন কোষৰ উদ্যোগত বাটৰ নাট পৰিবেশন কৰি সজাগতা সৃষ্টি কৰাৰ চেষ্টা কৰে।