জিভাৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা মহিলাক এককালীন সাহায্য প্ৰদান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ

জিভাৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা মহিলাক এককালীন সাহায্য প্ৰদান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  আজি ১২-১-২০২৩ তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ ফিল্ড প্ৰেক্টিচ অঞ্চলত বসবাস কৰা এগৰাকী জিভাৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা মহিলাক ৰাধানাথ বৰঠাকুৰ ভবানীদেৱী ন্যাসৰ তৰফৰ পৰা এককালীন সাহায্য হিচাবে দহ হাজাৰ টকাৰ এখনি চেক প্ৰদান কৰা হয়। কমিউনিটি মেডিচিন বিভাগৰ দ্বাৰা পৰিচালিত নিয়মীয়া পৰিয়ালৰ স্বাস্থ্য পৰিদৰ্শন (family health visit) কাৰ্যসূচীৰ যোগেদি মহিলা গৰাকীক চিনাক্ত কৰা হয়। বিভাগীয় অধ্যাপক- অধ্যাপিকা ,ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰীৰ উপস্থিতিত এই চেক প্ৰদান কৰে বিভাগৰ মুৰব্বী অধ্যাপিকা ডাঃ যুতিকা ওজা তথা ন্যাসৰ সদস্য বিক্ৰম ৰাজখোৱা আৰু শান্তনু বৰঠাকুৰে ।