জিন্ছ পিন্ধা ছোৱালী জনী- মৃদুলা বৰুৱা

Pc Shutterstock
জিন্ছ পিন্ধা ছোৱালী জনী
মৃদুলা বৰুৱা
তেজপুৰ
ঐ জিন্ছ পিন্ধা ছোৱালী জনী
এবাৰ কেৰাহীকৈ হ’লেও চাবাচোন মোলৈ
আজি তিনি বছৰে যদুৰ দোকানত
তামোল খন খোৱাৰ চলেৰেই ৰওঁ
মাত্ৰ তোমাক এবাৰ চাবলৈ,
তোমাৰ অকণমান প্ৰেম পাবলৈ
মই পগলা হৈ আছোঁ জানা।
তুমি এবাৰ প্ৰেমৰ ইশাৰা কৰানা
তোমাৰ গোলাপ যেন হাঁহি
লৈ আনি মোৰ ফুলনিত সজাই থম,
তুমি এবাৰ হা কোৱানা
তোমাৰ সʼতে জোনাকৰ বৰষুণত তিতি লʼম,
তুমি এবাৰ কাষত বহানা
গুণগুণাই দিম হাজাৰটা প্ৰেমৰ গান।
ঐ তোমাৰ কণ্টেক্ট নম্বৰটো দিবা নেকি
দূপৰ ৰাতিলৈ প্ৰেমৰ আলাপ কৰিম,
তুমি বেয়া নাপালে পঢ়ি দিম
বুকুত সাৱটি ৰখা হাজাৰখন প্ৰেম পত্ৰ,
তুমি মন কৰিলে শুনাম
পিতৃহীনা এটা লʼৰাৰ দীঘলীয়া সাধু
নতুবা মাটি আৰু পানীয়ে কৰা
অবুজ ধেমালিৰ কবিতা।
তুমি বিৰিয়ানী, বাৰ্গাৰ, পিজ্জা
এইবোৰ  বহুত ভাল পোৱা ন
কিন্তু মোৰ সামৰ্থ নাই জানা
ৰেডিচন ব্লু অথবা কে.আৰ.চি পেলেচত
তোমাক ডিনাৰ কৰোৱাৰ,
মোৰ বাবে তাতকৈ বেছি জৰুৰী
আইৰ এসপ্তাহৰ ঔষধৰ বিল।
আন্তৰিকতাৰ মিছা ভিওনা মই নকৰোঁ
যি দেখিছা সেইয়াই আছে মোৰ,
কিন্তু ইমানৰ পাছটো
তোমাক আপোন কৰি লোৱাৰ সপোন দেখোঁ।
জানা মোৰ হৃদয়ৰ প্ৰতিটো উশাহত
এতিয়া মাথোঁ তোমাৰ অপেক্ষা।
ঐ জিন্ছ পিন্ধা ছোৱালী জনী
এবাৰ কেৰাহীকৈ হ’লেও চাবাচোন মোলৈ।