জিএমচি-জিএমডিএৰ বিষয়া-কৰ্মচাৰীৰ দায়িত্বহীনতাৰ বাবে দুর্ভোগ ভুগিছে ৰাইজে
ৰঙিলী বাৰ্ত্তাসেৱা- পৌৰ নিগম আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকাৰীৰ বিষয়া-কৰ্মচাৰীৰ দায়িত্বহীনতাৰ বাবে বছৰৰ পিছত বছৰ ধৰি আহোমগাঁও-ধলবমা অঞ্চলটোত বসবাস কৰা লোকসকলে যাতায়াতৰ ক্ষেত্ৰত দুর্ভোগ ভুগি আহিবলগীয়া হৈছে। ধলবমা-আহোমগাঁও সংযোগী পথত বসবাস কৰা লোকসকলে সাধাৰণ এজাক বৰষুণতে বিগত কেইবাবছৰ ধৰি কৃত্রিম বানৰ মাজেৰে বিপদসংকুলভাৱে যাতায়াত কৰি আহিছে। বৃহত্তৰ অঞ্চলটোত বসবাস কৰা লোকসকলে পথ মেৰামতি আৰু বিজ্ঞানসন্মত নলা-নর্দমা নিৰ্মাণৰ বাবে জনপ্রতিনিধি আৰু বিভাগীয় কর্তৃপক্ষক বহুবাৰ আবেদন নিবেদন কৰি আহিছে। কিন্তু আজি পর্যন্ত এই ক্ষেত্ৰত কোনোৱে গুৰুত্ব প্ৰদান কৰা নাই। যাৰ ফলত অঞ্চলটোত বসবাস কৰা লোকসকলে সাধাৰণ এজাক বৰষুণতে কৃত্রিম বানৰ মাজেৰে জৰাজীৰ্ণ পথেৰে যাতায়াত কৰি আহিবলগীয়া হৈছে। উক্ত অঞ্চলটোত শিল্পী, সাহিত্যিক, অধ্যাপক, মন্ত্রী, বিধায়ক, অধিবক্তাকে ধৰি বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত লোকসকলে বসবাস কৰি আহিছে। কিন্তু জিএমচি আৰু জিএমডিএৰ বিষয়া-কৰ্মচাৰীৰ অৱহেলা আৰু অদূৰদৰ্শিতাৰ বাবে অঞ্চলটোৰ বাসিন্দাসকলে জৰাজীৰ্ণ পথত সৃষ্টি হোৱা কৃত্রিম বানৰ মাজেৰে যাতায়াত কৰি আহিবলগীয়া হৈছে। বাৰিষাৰ সময়ছোৱাত অঞ্চলটোৰ ছাত্র-ছাত্রীসকলে কৃত্রিম বানৰ মাজেৰে যাতায়াত কৰি আহিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। স্থানীয় বাসিন্দাসকলে শীঘ্ৰে পথটো মেৰামতি কৰি বিজ্ঞানসন্মতভাৱে নলা-নর্দমা নিৰ্মাণ কৰিবলৈ জিএমচি আৰু জিএমডিএ কর্তৃপক্ষক আহ্বান জনাইছে। যদিহে এই ক্ষেত্রত জিএমডিএ, জিএমচি কর্তৃপক্ষই সুদূৰপ্ৰসাৰী আঁচনি গ্ৰহণ নকৰে তেন্তে অনাগত দিনত অঞ্চলটোত বসবাস কৰা লোকসকলে গ্রহণ কৰিবলগীয়া যিকোনো ধৰণৰ গণতান্ত্রিক আন্দোলনৰ বাবে চৰকাৰ আৰু বিভাগীয় কর্তৃপক্ষ জগৰীয়া হ’ব বুলি হুংকাৰ দিয়ে।