জিএমচিএইচৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ প্ৰথমে স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কর্তৃপক্ষৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ সৈতে জড়িত বিভিন্ন বিষয়ত আলোচনা কৰাৰ লগতে প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে।পৰৱৰ্তী সময়ত হাস্পতালৰ সভাগৃহত এখন সংবাদ মেল সম্বোধন কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত মৃত্যু নিশ্চিত ব্যক্তিৰ নিকটাত্মীয়ৰ ইচ্ছা অনুসৰি শৰীৰ দান কৰা ব্যক্তিৰ বৃক্ক সংগ্ৰহ কৰি দুগৰাকী ৰোগীৰ শৰীৰত সংৰোপণ কৰি সফলতা লাভ কৰা আৰু ইয়াত আই ভি এফ কেন্দ্ৰৰ দ্বাৰা নিসন্তান দম্পতীয়ে সন্তান লাভৰ দ্বাৰা তেওঁলোকৰ মুখলৈ হাঁহি বিৰিঙাবলৈ সক্ষম হোৱা বিষয়ৰ লগতে আন বহু বিষয়ত আলোকপাত কৰে৷ মুখ্যমন্ত্ৰীয়ে এই সফলতাত জড়িত চিকিৎসক তথা কৰ্মচাৰীৰ আন্তৰিক শলাগ লয়৷