জিএমচিএইচত ৮২খন ১০৮ এম্বুলেঞ্চ সেৱাৰ ফ্লেগ অফ স্বাস্থ্যমন্ত্রীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত নতুনকৈ সংযোজন কৰা ৮২খন ১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চ সেৱাৰ ফ্লেগ অফ কৰে স্বাস্থ্যমন্ত্রী অশোক সিংহলে । ইয়াৰে ৪০খন এম্বুলেঞ্চ এডভাঞ্চড লাইফ ছাপ’র্ট থকা আৰু ৪২খন বেছিক লাইফ ছাপ’র্ট থকা। অনুষ্ঠানটোত ভাষণ দি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে আজি অসমৰ স্বাস্থ্যখণ্ডত এক নতুন অধ্যায় যোগ হৈছে। ৮২খন ১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চ সেৱা ৰাইজৰ বাবে মুকলি কৰা হয়। তেওঁ কয় যে পূর্বতে প্রায় ৮০০খন এম্বুলেঞ্চৰ ৭৭৬খন এম্বুলেঞ্চ বেছিক লাইফ ছাপ’র্ট থকা আৰু ১৪খন এডভাঞ্চড লাইফ ছাপ’র্ট থকা এম্বুলেঞ্চ আছিল আৰু ৩খন নাও এম্বুলেঞ্চ আছিল। তেওঁ লগতে কয় যে পূর্বতে এডভাঞ্চড লাইফ ছাপ’র্ট নথকাৰ বাবে পৰিস্থিতি কেতিয়াবা কেতিয়াবা জটিল হোৱা দেখা গৈছিল। পূৰ্বতে ৰোগীসকলক নিকটৱৰ্তী চিকিৎসালয়লৈ লৈ যোৱাত প্রায় ১৪ মিনিট সময় লাগিছিল যদিও যোৱা দহ বছৰত বিজেপি চৰকাৰৰ দিনত ৰাস্তা-ঘাট, দলং আদি হোৱাৰ ফলত এই সময় কমি আহিছে। আহি থকা দিনবোৰত প্ৰযুক্তি, এআইৰ ব্যৱহাৰৰ জৰিয়তে এই সময় ১০ মিনিটলৈ হ্রাস কৰাৰ বাবে চিন্তা-চৰ্চা কৰি থকা বুলি তেওঁ উল্লেখ কৰে। এম্বুলেঞ্চ সেৱাৰ মান উন্নত কৰি ৰোগীসকলক সকাহ দিয়াৰ বাবে বিভাগে কাম কৰি আছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে ৰাজ্যখনত নতুন নতুন চিকিৎসা মহাবিদ্যালয়, নতুন নতুন চিকিৎসালয়, ৰাস্তা-ঘাট, দলং আদিৰ বাবেও স্বাস্থ্য বিভাগৰ কামবোৰ সহজ হৈ পৰিছে। ২০০৬ চনৰ নৱেম্বৰ মাহৰ পৰা চলিত বৰ্ষৰ জানুৱাৰী মাহলৈকে প্রায় ৭১ লাখ ৰোগী এই এম্বুলেঞ্চ সেৱাৰ দ্বাৰা উপকৃত হৈছে বুলিও তেওঁ মন্তব্য আগবঢ়ায়। জিপিএছযুক্ত এই এম্বুলেঞ্চ সেৱাৰ ট্রেকিঙৰ জৰিয়তে, কল চেণ্টাৰ মনিটৰিং আদিৰ মাধ্যমেৰে সময়ে সময়ে পর্যবেক্ষণ কৰি থকাৰ লগতে মাইক্র’ পর্যায়ত এই এম্বুলেঞ্চ সেৱাৰ মান উন্নত কৰাৰ বাবে বিভাগে কাম কৰি আছে লগতে তেওঁ উল্লেখ কৰে যে প্ৰায়ে এক অভিযোগ উত্থাপন হৈ আহিছে যে দুখীয়া ৰোগীসকলক ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়। এইক্ষেত্ৰত তেওঁ এই এম্বুলেঞ্চ সেৱাৰ লগত জড়িত প্রতিষ্ঠানক অৱগত কৰে যে ৰোগীৰ অনুমতি অবিহনে কোনো ব্যক্তিগত চিকিৎসালয়লৈ ৰোগীসকলক যাতে লৈ যোৱা নহয় তাৰ ওপৰত চোকা দৃষ্টি ৰাখিব লাগিব। তেওঁ মন্তব্য কৰে যে অসমৰ চিকিৎসালয়সমূহ আজি যথেষ্ট উন্নত হৈছে, সেয়ে তেওঁ ৰাইজক চৰকাৰী চিকিৎসালয়লৈ আহিবলৈ আহ্বান জনায়। তেওঁ ১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চ সেৱাৰ চালক আৰু কৰ্মচাৰীসকলে যথেষ্ট ভাল কাম কৰিছে বুলি তেওঁ সকলোকে অভিনন্দন জ্ঞাপন কৰাৰ লগতে আহি থকা দিনবোৰত সেৱাৰ মনোভাবেৰে ৰোগীসকলক সেৱা আগবঢ়াই যাবলৈ তেওঁ সকলোকে আহ্বান জনায়। এই অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ডাঃ পি অশোক বাবু, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ পৰিচালন সঞ্চালক ডাঃ লক্ষ্মণন এছ, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী প্ৰমুখ্যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।
