জিএমচিএইচত এখন পর্যালোচনা বৈঠকত মিলিত হৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা

জিএমচিএইচত এখন পর্যালোচনা বৈঠকত মিলিত হৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগ নিজৰ হাতলৈ অনাৰ পাছত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইচ)ত উপস্থিত হৈ এখন পর্যালোচনা বৈঠকত মিলিত হয়। ইয়াৰ পাছতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এখন সংবাদ মেলযোগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে চিকিৎসা সেৱাৰ ক্ষেত্ৰত শেহতীয়াকৈ লাভ কৰা বিশেষ সফলতাৰ বিষয়ে উল্লেখ কৰি কয় যে প্ৰথমবাৰৰ বাবে জিএমচিএইচে এজন ব্রেইন ডেথ ৰোগীৰ পৰা কিডনী দুটা সংগ্ৰহ কৰি দুজন ৰোগীৰ দেহত সংৰোপণ কৰি বিৰল কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। গুৱাহাটীৰ পৰাগ গগৈ নামৰ ব্রেইন ডেথ ৰোগীজনৰ পৰিয়ালে তেওঁৰ কিডনী দুটা জিএমচিএইচ কর্তৃপক্ষক দান কৰে আৰু সেই কিডনী দুটাৰে উজান বজাৰৰ অমৰ বাছফৰ (৩৮) আৰু নগাঁৱৰ কামপুৰৰ পল্লৱজ্যোতি দাসৰ (২১) কিডনী ট্রান্সপ্লান্ট কৰোৱা হয়। বর্তমান দুয়োজন সুস্থ হৈ আছে। জিএমচিএইচৰ তিনি বিশেষ চিকিৎসক ডাঃ শশাংক বৰুৱা, ডাঃ পুস্কৰ বাগছী আৰু ডাঃ মঞ্জুৰী শৰ্মাৰ নেতৃত্বত এই কিডনী ট্রান্সপ্লান্ট সফলতাৰে সম্পন্ন হয়।মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই  তিনিওগৰাকী চিকিৎসকক ধন্যবাদ জ্ঞাপন কৰি কয় যে উত্তৰ-পূব ভাৰতত এনেদৰে কিডনী ট্রান্সপ্লান্ট কৰা এইটো প্রথম সফলতা। ইয়াৰ পূৰ্বে, জিএমচিএইচে অনুৰূপ ধৰণে দুটা প্রচেষ্টা চলাইছিল যদিও সফল হ’ব পৰা নাছিল। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে সাধাৰণতে দাতাই কিডনী দান কৰাৰ পাছত কিডনী ট্রান্সপ্লান্ট কৰিব পাৰি। এইক্ষেত্ৰতো দাতা পৰিয়ালৰ সম্পৰ্কীয় লোক হোৱাৰ লগতে বিভিন্ন নীতি- নিয়মৰ মাজেৰে সেই কিডনী আহৰণ কৰিব লাগে। কিন্তু যদি এজন মানুহে নিশ্চিতভাৱে মৃত্যুৰ বিষয়ে জানিব পাৰে আৰু মৃত্যুৰ আগতে কিডনী, লিভাৰ দান কৰি আন এজনক জীৱন দিয়াৰ বাবে দি থৈ যায়, তেতিয়াহ’লে বহুত লোকৰ জীৱন ৰক্ষা পৰে। বিভিন্ন দুর্ঘটনাত বহু লোকৰে ব্রেইন ডেথ হৈ যায়। ব্রেইন ডেথ হোৱাৰ পাছত মানুহজনৰ শৰীৰটোহে জীয়াই থাকে আৰু কিছুদিনৰ পিছতে তেওঁৰ মৃত্যু নিশ্চিত হয়। তেতিয়া ব্রেইন ডেথ হোৱা ৰোগীজনৰ নিকটাত্মীয়ই সেই অংগসমূহ দান কৰিব পাৰে। দাক্ষিণাত্যত লিভাৰ, কিডনী দুয়োটাই দান কৰে। অসমতো ব্রেইন ডেথ হোৱা ৰোগীৰ ক্ষেত্ৰত লিভাৰ, কিডনী দান কৰাৰ বাবে ৰাইজক আগবাঢ়ি আহিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আহ্বান জনায়। এই প্রসংগতে মুখ্যমন্ত্রীগৰাকীয়ে কয় যে দাতাৰ পৰা কিডনী সংগ্ৰহ কৰি জিএমচিএইচে বিগত ছবছৰ ধৰি কিডনী ট্রান্সপ্লান্ট কৰি আহিছে। এই বছৰ ৩৮টা তেনেধৰণৰ কিডনী ট্রান্সপ্লান্ট কৰা হৈছে। কেৱল ব্রেইন ডেথ ৰোগীৰ পৰা কিডনী সংগ্ৰহ কৰি কিডনী ট্রান্সপ্লান্টৰ ঘটনাহে প্রথম সম্ভৱপৰ হৈছে। সেইদৰে আইভিএফৰ জৰিয়তে সন্তান জন্ম দিয়াৰ ক্ষেত্ৰতো জিএমচিএইচে সফলতা লাভ কৰিবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে জিএমচিএইচৰ আইভিএফ চেণ্টাৰত এতিয়ালৈ ৩৬গৰাকী মাতৃৰ গৰ্ভত এম’ব্রিট সংস্থাপিত কৰিব পৰা হৈছে। ইয়াৰে আঠগৰাকী মাতৃ গৰ্ভৱতী হৈছে। এটা সন্তানো জন্ম হৈছে। সন্তান-মাতৃ উভয়ে সুস্থ হৈ আছে। জিএমচিএইচৰ এটা আইভিএফত ব্যয় হয় ৭৫ হাজাৰ টকাৰ পৰা ১ লাখ টকা। জিএমচিএইচত আইভিএফৰ নেতৃত্ব লৈছে ডাঃ তন্ময় শইকীয়া আৰু ডাঃ অনুজ সিঙে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আইভিএফৰ এই সফলতাৰ বাবে চিকিৎসক দুগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। এবছৰৰ ভিতৰত আইভিএফত জিএমচিএইচ ভাল কেন্দ্র হিচাপে গঢ় লৈ উঠিব বুলিও মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰে। বন মেৰু ট্রান্সপ্লাণ্টৰ ক্ষেত্রতো জিএমচিএইচত এতিয়ালৈ ২৮টা কেচ সফলতাৰে সম্পন্ন হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে জিএমচিএইচ এতিয়া ছুপাৰ স্পেচিয়েলিটী হাস্পতাললৈ ৰূপান্তৰিত হৈছে। ক’ৰ’নাৰী হার্ট ছাৰ্জাৰীৰ ক্ষেত্ৰতো জিএমচিএইচে এতিয়ালৈ ৭৫টা অস্ত্রোপচাৰ সফলতাৰে সম্পন্ন কৰিছে। আনহাতে, এমএমচিএইচত অহা এবছৰ-দুবছৰৰ ভিতৰতে লিভাৰ ট্রান্সপ্লান্টৰ কামো আৰম্ভ কৰিব পৰা যাব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই উল্লেখ কৰে। ইপিনে, ৰাজ্যখনৰ নতুন মেডিকেল কলেজ তথা আন মেডিকেল কলেজসমূহ আত্মনিৰ্ভৰ হৈ উঠাত গুৰুত্ব আৰোপ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যখনৰ বিভিন্ন স্থানত জধে-মধে গঢ় লৈ উঠা নাৰ্ছিং হোমৰ প্ৰসংগত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে প্রধানমন্ত্রী আয়ুষ্মান ভাৰত কাৰ্ড, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম কাৰ্ডৰ সুযোগ লৈ একাংশ নাৰ্ছিং হোমে চকুৰ কেটেৰেক্ট অপাৰেচনো কৰি আহিছে। চৰকাৰে এইক্ষেত্ৰত নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব। চৰকাৰী চিকিৎসালয়ে জনসাধাৰণক ভালদৰে সেৱা আগবঢ়াই অহাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই চিকিৎসকসকলক সমালোচনাৰ পৰিৱৰ্তে ইতিবাচক দৃষ্টিভংগীৰে লোৱাৰ আহ্বান জনাই কয় যে জিএমচিএইচৰ ৫০ শতাংশ চিকিৎসকেই নাৰ্ছিং হোমলৈ নাযায়। তেওঁলোকে জনসাধাৰণকে সেৱা আগবঢ়াই আহিছে। অকল জিএমচিএইচেই প্ৰধানমন্ত্ৰীৰ আঁচনিৰ ১১৪ কোটিৰে ৫৩,১৬১ গৰাকী ৰোগীক সুবিধা দিছে।