জিএমচিএইচত অত্যাধুনিক এমআৰআই সেৱা মুকলি 

জিএমচিএইচত অত্যাধুনিক এমআৰআই সেৱা মুকলি 

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যৰ স্বাস্থ্যখণ্ডত নতুন মাত্ৰা প্ৰদান কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিকভাৱে মুকলি কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল(জিএমচিএইচ)ৰ হৃদয় বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰৰ অত্যাধুনিক এমআৰআই সেৱা। ৰাজ্য চৰকাৰে ৩০ কোটি টকা ব্যয় সাপেক্ষে অত্যাধুনিক যন্ত্রটো কেন্দ্রটোত স্থাপন কৰিছে। উল্লেখ্য যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ২০২২ চনৰ ৯ মে’ত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বহুদিনীয়া প্রয়োজনীয়তা পূৰণ কৰি ছুপাৰ স্পেচিয়েলিটী সেৱাৰ এই হৃদয় বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰটো উদ্বোধন কৰিছিল। কেন্দ্ৰটোৰ একেটা চৌহদতে ৰেডি’ল’জী, পেথ’ল’জী, বায়’কেমেস্ত্রী, মাইক্র’ বায়’ল’জী আদিৰ দৰে সংশ্লিষ্ট সুবিধাৰ সৈতে কার্ডি’লজী, কার্ডি’থৰেছিক ছাৰ্জাৰী, নিউৰ’লজী আৰু নিউৰ’ ছাৰ্জাৰীৰ বাবে উন্নত ছুপাৰ স্পেচিয়েলিটী স্বাস্থ্য সেৱা প্ৰদান কৰা হয়। মাত্র আঢ়ৈ বছৰৰ ভিতৰতে নিউৰ’ছায়েঞ্চ, কার্ডি’ল’জী আৰু কার্ডি’থ’ৰেচিক চিকিৎসা সেৱাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অত্যাধুনিক কেন্দ্ৰলৈ ৰূপান্তৰিত হোৱা কেন্দ্ৰটোত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে বাংলাদেশ, ভূটানৰ দৰে চুবুৰীয়া দেশৰ যথেষ্টসংখ্যক ৰোগীয়ে সেৱা লাভ কৰি উপকৃত হৈছে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজিৰে পৰা ৰোগীৰ সেৱাৰ বাবে মুকলি হোৱা এমআৰআই যন্ত্ৰটো যথেষ্ট উন্নতমানৰ বুলি উল্লেখ কৰি কয় যে এতিয়াৰে পৰা কেন্দ্ৰটোত বিশেষকৈ নিউৰ’ল’জিকেল এমআৰআই যথেষ্ট সূক্ষ্মভাৱে কৰাটো সম্ভৱ হৈ উঠিব। এই যন্ত্ৰটোৱে ৰোগীসকলক যথেষ্ট উপকৃত কৰিবলৈ সক্ষম হ’ব। হৃদয় বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰটোৱে ক্রমান্বয়ে ৰোগীসকলক যথেষ্ট উন্নত সুবিধা প্রদান কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে আগন্তুক ২০২৫ চনৰ আৰম্ভণিতে মাতৃ আৰু শিশু হাস্পতালখনো উদ্বোধন কৰাৰ পৰিকল্পনা গ্রহণ কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পুনৰ নিৰ্মাণৰ কামো হাতত লোৱা হ’ব। আহিবলগীয়া এশ বছৰৰ দৃষ্টিভংগী আগত ৰাখি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা হৈছে। গুৱাহাটী মহানগৰীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় প্রাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কামো দ্ৰুতগতিত আগবাঢ়ি থকাৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে আগন্তুক বৰ্ষৰ প্ৰথমার্ধতে এই চিকিৎসা মহাবিদ্যালয়খনৰ সেৱা শুভাৰম্ভ কৰাৰ পৰিকল্পনা গ্রহণ কৰা হৈছে। এই চিকিৎসা মহাবিদ্যালয়খনৰ সেৱা আৰম্ভ হোৱাৰ পাছত ৰোগীসকলে পূৰ্বৰ তুলনাত অধিক সা-সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব।