জিঅʼ ৰ ৫জি সেৱাই ২০২৩ চনৰ ডিচেম্বৰত সমগ্ৰ ভাৰত কভাৰেজ কৰিব : মুকেশ আম্বানী

Pc NDTV.com

জিঅʼ ৰ ৫জি সেৱাই ২০২৩ চনৰ ডিচেম্বৰত সমগ্ৰ ভাৰত কভাৰেজ কৰিব : মুকেশ আম্বানী

ৰঙিলী বাৰ্ত্তাসেৱা-  জিঅʼৰ ৫জি সেৱাই ২০২৩ চনৰ ডিচেম্বৰত সমগ্ৰ ভাৰত কভাৰেজ কৰিব। অধ্যক্ষ মুকেশ আম্বানীয়ে ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ বাৰ্ষিক সাধাৰণ সভাত এই ঘোষণা কৰে। দীপাৱলীৰ পূৰ্বে মুকলি হ’ব জিঅʼ-৫জি সেৱা। ৰিলায়েঞ্চৰ বাৰ্ষিক সাধাৰণ সভাত আম্বানীয়ে কয়, ৰিলায়েঞ্চে 5G নেটৱৰ্কত ২ লাখ কোটি বিনিয়োগ কৰিছে। ইফালে, মুকেশ আম্বানীয়ে জিঅʼ আৰু কোৱালকমৰ মাজত অংশীদাৰিত্বৰ কথাও ঘোষণা কৰে। কোৱালকমৰ চিইঅ’ ক্ৰিষ্টিয়ানো অমনে কয় – ভাৰতে যিদৰে স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি পালন কৰিছে, Jioৰ সৈতে, আমি ডিজিটেল ভেটি শক্তিশালী কৰিবলৈ বদ্ধপৰিকৰ, যিয়ে নাগৰিকসকল আৰু ব্যৱসায়ৰ মাজৰ সফলতাক সক্ষম কৰি তুলিব। লগতে প্ৰধানমন্ত্ৰীয়ে কল্পনা কৰা নতুন ভাৰতৰ লক্ষ্য প্ৰাপ্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।