জিংকি মিলিৰ  জামিন বাতিলৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল ৰাজ্য চৰকাৰৰ

জিংকি মিলিৰ  জামিন বাতিলৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল ৰাজ্য চৰকাৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অনলাইন ট্রেডিং কেলেংকাৰিৰ গোচৰত অভিযুক্ত চুমি বৰাৰ নবৌৱেক জিংকি মিলিৰ অন্তর্বর্তীকালীন অগ্রিম জামিন বাতিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ৰাজ্য চৰকাৰ। এই কেলেংকাৰিত নাম সাঙোৰ খাই পৰা জিংকি মিলিয়ে যোৱা ১৭ ছেপ্টেম্বৰত অগ্রিম জামিন লাভ কৰাৰ লগে লগে সৃষ্টি হোৱা বিতৰ্কৰ পাছত উচ্চ ন্যায়ালয়ত তেওঁৰ জামিন বাতিল কৰিবলৈ ৰাজ্য চৰকাৰে এখন ইণ্টাৰ লুকেট’ৰী আবেদন দাখিল কৰিছে। এই আবেদনখনৰ শুনানি অহা ২৩ ছেপ্টেম্বৰত উচ্চ ন্যায়ালয়ে গ্রহণ কৰিব। উল্লেখ্য যে ৰাজ্য কঁপাই যোৱা দুহাজাৰ কোটিটকীয়া অনলাইন ট্রেডিং কেলেংকাৰিত অভিযুক্ত বিশাল ফুকন, চুমি বৰা আৰু তার্কিক বৰাক ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কেলেংকাৰিটোৰ সৈতে নাম সাঙোৰ খোৱাৰ পাছতে চুমি বৰাৰ ককায়েক ৰাজীৱ বৰা আৰু বৌৱেক জিংকি মিলিয়ে আত্মগোপন কৰে। ইয়াৰ সমান্তৰালভাৱে অগ্রিম জামিন বিচাৰি বৌৱেক জিংকি মিলিয়ে উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰে। যোৱা ১৭ ছেপ্টেম্বৰত উচ্চ ন্যায়ালয়ে তেওঁক অন্তর্বর্তীকালীন অগ্রিম জামিন মঞ্জুৰ কৰি পৰৱৰ্তী শুনানিৰ কেছ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। অৱশ্যে জিংকি মিলিয়ে জামিন লাভ কৰাৰ লগে লগে বিতৰ্কৰ সৃষ্টি হোৱাৰ লগতে অতিৰিক্ত চৰকাৰী অধিবক্তা বিদ্যুৎ বিকাশ গগৈৰ ভূমিকাক লৈ ৰহস্যৰ সূচনা হয়। অভিযোগ অনুসৰি উচ্চ ন্যায়ালয়ৰ মজিয়াত গোচৰটোৰ শুনানিৰ সময়ত অতিৰিক্ত চৰকাৰী অধিবক্তাজনে দুর্বল ভূমিকা গ্ৰহণ কৰাৰ বাবেই জিংকি মিলিয়ে অগ্রিম অন্তর্বর্তীকালীন জামিন লাভ কৰিবলৈ সক্ষম হয়। ৰাজ্যপালৰ এক নির্দেশমর্মে কর্তব্যত গাফিলতিৰ অভিযোগেৰে অতিৰিক্ত চৰকাৰী অধিবক্তা পদৰ পৰা বিদ্যুৎ বিকাশ গগৈক অপসাৰণ কৰা হয়।