জালুকবাৰীত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৭ জনকৈ যুৱকে
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক ভয়াৱহ পথ দুৰ্ঘটনা ।এখন তীব্ৰবেগী মহিন্দ্ৰা স্কৰপিঅ’ৰ প্ৰচণ্ড খুন্দা ব্ৰইলাৰ কঢ়িওৱা বলেৰ’ পিক আপ ভানত। দুৰ্ঘটনাত থিতাতে নিহত ৭জন যুৱক।সাতমাইলৰ দিশৰ পৰা আহি থকা স্কৰপিঅ’ বাহনখনে প্ৰথমে ডিভাইডাৰত খুন্দা মাৰে। গাড়ীখনৰ গতিবেগ ইমানেই ভয়ংকৰ আছিল যে ই বিপৰীত লেনত থকা বলেৰ পিক আপ বাহনত খুন্দা মাৰে। নিহত যুৱককেইজন অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ আৰু ৭নং হোষ্টেলৰ আৱাসী বুলি চিনাক্ত। নিহত ছাত্ৰ কেইজন ক্ৰমে মঙলদৈৰ কৌশিক বৰুৱা, শিৱসাগৰৰ কৌশিক মোহন, মাজুলীৰ ৰাজ কিৰণ ভূঞা, ডিব্ৰুগড় ইমন বৰুৱা, গুৱাহাটীৰ অৰিন্দম ভোৱাল, নগাঁৱৰ উপাংশু শৰ্মা আৰু গুৱাহাটীৰ নিয়ৰ ডেকা। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত মৃণ্ময় বৰা, অৰ্ণৱ চক্ৰৱৰ্তী আৰু অৰ্পণ ভূঞা নামৰ আন তিনিজন ছাত্ৰ। এই ঘটনাত বলেৰ’ পিক আপ ভানখনত থকা মোজাম্মিল হক, ইউছুফ আলী আৰু ৰাজীৱ আলী নামৰ তিনিজন লোকো গুৰুতৰভাৱে আহত হয়।