জালুকবাৰীত জন আশীর্বাদ যাত্রা মুখ্যমন্ত্রী ড° শৰ্মাৰ

জালুকবাৰীত জন আশীর্বাদ যাত্রা মুখ্যমন্ত্রী ড° শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- জালুকবাৰী সমষ্টিত বিশাল জন আশীর্বাদ যাত্রাত অংশগ্রহণ কৰি সমষ্টিবাসীৰ আশীৰ্বাদ বিচাৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত নমাৰ পূৰ্বে সমষ্টিবাসীৰ আশীৰ্বাদ ল’বলৈ আৰম্ভ কৰা দ্বিতীয় পৰ্যায়ৰ জন আশীৰ্বাদ যাত্ৰাৰ অংশস্বৰূপে আদাবাৰীৰ অটল উদ্যানৰ পৰা ওলোৱা মুখ্যমন্ত্ৰীৰ বিশাল ৰেলীত অংশ ল’বলৈ জালুকবাৰী সমষ্টিৰ পৰা হিলদ’ল ভাঙি ওলাই আহিল ৰাইজ। মুখ্যমন্ত্রীক আশীর্বাদ দিবলৈ জন আশীৰ্বাদ যাত্ৰাৰ সংগী হ’ল কেইবাসহস্র ভোটাৰ ৰাইজ। প্ৰবল বৰষুণক নেওচি সহস্রাধিক জনতাৰ লগত আগবঢ়া মুখ্যমন্ত্রী ড° শৰ্মাৰ মন্তব্য- জালুকবাৰীৰ প্ৰতিটো পৰিয়ালে মোক ঘৰৰ ল’ৰাৰ দৰেই মৰম কৰে। আজি জালুকবাৰীৰ সকলো পৰিয়াল ওলাই আহিছে আশীর্বাদ দিবলৈ। সকলোৱে মোক মনৰ পৰা আশীর্বাদ দিবলৈ আমাৰ লগত খোজ দিছে।

উল্লেখ্য যে আজিৰ পৰা মুখ্যমন্ত্রীয়ে সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ কৰিব নিৰ্বাচনী প্ৰচাৰ অভিযান। ইয়াৰ পূৰ্বে নিজ সমষ্টিত দ্বিতীয় পৰ্যায়ৰ জন আশীর্বাদ যাত্রাত অংশগ্রহণ কৰে মুখ্যমন্ত্ৰীয়ে। বিশাল ৰেলীৰে আগবঢ়া এই জন আশীর্বাদ যাত্রাই সামৰি লয় পাণ্ডু, মালিগাঁৱৰ লগতে জালুকবাৰী সমষ্টিৰ বিশাল অঞ্চল। লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰীৰ সমদল আগবাঢ়ি থকাৰ মাজতে প্ৰবল বৰষুণৰ সন্মুখীন হয় মুখ্যমন্ত্রী আৰু সমর্থকসকল। ইয়াৰ মাজতে সমর্থকে মুখ্যমন্ত্ৰীলৈ বৰষুণৰ পৰা ৰক্ষা পাবলৈ ছাতি এটা আগবঢ়াই দিয়ে যদিও মুখ্যমন্ত্ৰীয়ে ৰাইজক বৰষুণৰ মাজত ৰাখি নিজে ছাতি ল’বলৈ অস্বীকাৰ কৰে।

বিশাল সমদলৰ মাজতে মুখ্যমন্ত্রীয়ে কয়- সমগ্র অসমতে ৰাইজে এইবাৰ বিজেপি চৰকাৰ আনিবলৈ সংকল্প লৈছে। প্রতিখন সভাতে ৰাইজে আমাক মৰমেৰে আঁকোৱালি লৈছে। উল্লেখ্য যে জালুকবাৰী সমষ্টিৰ অটল উদ্যানৰ পৰা আৰম্ভ কৰা এই জন আশীর্বাদ যাত্ৰাত জনসাধাৰণে মুখ্যমন্ত্ৰীক শৰাই-গামোচা আদিৰে শুভেচ্ছা জ্ঞাপন কৰে। আদাবাৰী তিনিআলি, পাণ্ডু বন্দৰ পথ, পাণ্ডু বৰবজাৰ, মালিগাঁও চাৰিআলি, ৰে’লৱে হাস্পতাল হৈ গোটানগৰৰ বাসন্তী পূজা মণ্ডপলৈ নিশালৈ চলা জন আশীর্বাদ যাত্রাত পথৰ দুয়োকাষে সমৱেত অগণন জনতাই মুখ্যমন্ত্ৰীক আদৰণি জনাই বিজেপিৰ প্ৰতি আস্থা আৰু বিশ্বাস প্রকাশ কৰে। শিশুৰ পৰা বৃদ্ধলৈ স্বতঃস্ফূর্তভাৱে ওলাই অহা পাৰভগা জনতাৰ উপস্থিতিয়ে আজি জালুকবাৰী সমষ্টিত এক নজিৰ সৃষ্টি কৰে।