জার্মানীত দ্ৰুতগতিত বৃদ্ধি কৰʼনাত আক্ৰান্তৰ সংখ্যা
ৰঙিলী বাৰ্ত্তাসেৱা- জার্মানীত এদিনত নতুনকৈ ৫০ হেজাৰৰো অধিক লোক কৰʼনাত আক্ৰান্ত হৈছে। দেশখনৰ স্বাস্থ্য বিভাগে প্রকাশ কৰা মতে এদিনত ৫০,১৯৬জনলোক কৰʼনাত আক্ৰান্ত হৈছে। প্ৰথমবাৰৰ বাবে জার্মানীত ৫০ হাজাৰৰো অধিক লোক এদিনত আক্রান্ত হোৱাক লৈ উদ্বিগ্ন হৈছে দেশৰ চৰকাৰ। বিদায়ী চেঞ্চেলৰ এঞ্জেলা মার্কেলে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাক লৈ কয় যে নতুন শক্তিৰে মহামাৰী উভতি আহিছে।জার্মানীত ক’ভিড-১৯ টিকাকৰণ অতি লেহেমীয়া হৈছে। বৰ্তমানলৈ মাত্র ৬৭ শতাংশকহে টিকাকৰণ কৰা হৈছে। দেশখনৰ সৰ্বাধিক ক্ষতিগ্রস্ত অঞ্চলৰ ভিতৰত আছে ছেক্সনি বেভাৰিয়া আদি।