জামুগুৰিহাটৰ টৌভঙাত ৰে’লৰ লাইনত এটা মৃতদেহ উদ্ধাৰ

pc the Indian Express

 জামুগুৰিহাটৰ টৌভঙাত ৰে’লৰ লাইনত এটা মৃতদেহ উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  জামুগুৰিহাটৰ টৌভঙাত ৰে’লৰ লাইনত এটা মৃতদেহ উদ্ধাৰ। জিনছ পেণ্ট আৰু টি-চাৰ্ট পৰিহিত প্ৰায় ৩০ বছৰীয়া যুৱকজনৰ কেনেকৈ মৃত্যু ঘটিল সেই কথা জানিব পৰা হোৱা নাই। স্থানীয় লোকৰ মতে নিশাৰ ভাগত ৰে’লৰ চেপাত মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে। আজি পুৱা স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি জামুগুৰি আৰক্ষী আৰু ৰে’লৱে আৰক্ষীক খবৰ দিয়াৰ অন্তত আৰক্ষীয়ে চিন্ন-ভিন্ন অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰে। অৱশ্যে বৰ্তমানলৈকে চিনাক্ত হোৱা নাই মৃতদেহটো ৷