জামুগুৰিহাটত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড

জামুগুৰিহাটত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা-  জামুগুৰিহাটৰ তৌভঙাৰ এখন কাৱাৰী দোকানত যোৱাকালি নিশা ৮ মান বজাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডত কাৱাৰী দোকান খনৰ কেইবা লক্ষধিক টকাৰ সা-সম্পত্তি জুইত ভষ্মিভূত হয় ৷ শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ জামুগুৰিৰ অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাতহে কথমপি ৰক্ষাপৰে ওচৰ চুবুৰীয়া ৰাইজ ৷ অগ্নিকাণ্ডত ভষ্মীভূত হোৱা কাৱাৰী দোকানখনৰ স্বত্বাধিকাৰৰ নাম প্ৰকাশ বৰ্মন বুলি জানিব পৰা গৈছে ৷