জামুগুৰিহাটত নৃশংস হত্যাকাণ্ড

Pc The statsman

জামুগুৰিহাটত নৃশংস হত্যাকাণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা-  জামুগুৰিহাটত চাঞ্চল্যকৰ ঘটনা। জামুগুৰিহাটৰ কোৱামৰা গাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। দুৰ্বৃত্তই হত্যা কৰি পথৰ দাঁতিত পেলাই থৈ গ’ল এজন যুৱকক। কোৱামৰা গাঁৱৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত সুমন দাস নামৰ যুৱক এজনৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰা হৈছে। চোকা অস্ত্ৰৰে হত্যা কৰি দুর্বৃত্তই যুৱকজনৰ নিথৰ দেহ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পেলাই থৈ পলাই যায়। জানিব পৰা মতে, নিশা প্রায় ১০ বজাত সুমন দাসে নিজৰ কোৱামৰা গাঁৱৰ ঘৰ পৰা ডেকাচুক গাঁৱত ৰাস উৎসৱ চাবলৈ গৈছিল। কিন্তু পুৱা ঘৰলৈ নহাত পৰিয়ালৰ লোক উদ্বিগ্ন হৈ পৰে। পুৱা প্রাতভ্ৰমণলৈ অহা লোকে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰক্তাক্ত অৱস্থাত মৃতদেহটো দেখা পাই আৰক্ষীক খবৰ দিয়ে। খবৰ পোৱাৰ পাছত জামুগুৰি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মৃতদেহটো ইতিমধ্যে আৰক্ষীয়ে নিজৰ জিম্মাত লৈ পৰীক্ষা-পর্যবেক্ষণৰ বাবে মৰণোত্তৰ পৰীক্ষালয়লৈ প্ৰেৰণ কৰিছে। এই নৃশংস হত্যাকাণ্ডই সমগ্ৰ কোৱামৰা অঞ্চলত তীব্র উত্তেজনা সৃষ্টি কৰিছে। স্থানীয় ৰাইজে হত্যাকাৰীসকলক চিনাক্ত কৰি কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে।