জামুগুৰিহাটত ডেগাৰ দেখুৱাই ডকাইটৰ দলে লুটি নিলে সোণৰ অলংকাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- জামুগুৰিহাটৰ হাজৰিকা চুক গাঁৱত সংঘটিত হয় এক চাঞ্চ্যলকৰ ডকাইটি কাণ্ড। গাঁওখনৰ জান হাজৰিকা নামৰ ৬০ উৰ্দ্ধৰ বৃদ্ধা এগৰাকীৰ বাসগৃহত তিনিজনীয়া ডকাইটৰ দলে প্ৰৱেশ কৰি চোকা অস্ত্ৰ দেখুৱাই বৃদ্ধাৰ মুখত সোপা দি ৰচিৰে বান্ধি গডৰেজৰ ল’ক খুলি লুটি নিলে লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ। ডকাইটৰ দলটোৱে বৃদ্ধা গৰাকীৰ পৰা গাড়ী বিক্ৰী কৰা টকা বিচাৰিছিল ৷ কাৰণ জান হাজৰিকাৰ কনিষ্ঠ পুত্ৰ আকাশ হাজৰিকাই টাটা ইন্ট্ৰা ভি, টু নামৰ এখন গাড়ী বিক্ৰী কৰিছিল আৰু এই কথা ডকাইটৰ দলে জানিব পাৰিছিল ৷ পিছত ওচৰ-চুবুৰীয়াই মহিলা গৰাকীক উদ্ধাৰ কৰে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে। ইয়াৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।