জামিন লাভ কৰিলে অভিনেত্ৰী নন্দিনী কাশ্যপে

জামিন লাভ কৰিলে অভিনেত্ৰী নন্দিনী কাশ্যপে

ৰঙিলী বাৰ্ত্তাসেৱা-   অৱশেষত জামিন লাভ কৰিলে অভিনেত্ৰী নন্দিনী কাশ্যপে । হিট এণ্ড ৰাণৰ গোচৰত জামিন লাভ কৰিলে নন্দিনীয়ে । কামৰূপ সত্ৰ ন্যায়াধীশ আদালতে জামিন মঞ্জুৰ কৰে অভিনেত্ৰীগৰাকীৰ ।অভিযুক্ত পক্ষ আৰু চৰকাৰী পক্ষৰ ভাষ্য গ্ৰহণৰ পিছত আদালতে অভিনেত্ৰী নন্দিনী কাশ্যপক জামিন প্ৰদান কৰে । যোৱা ১ আগষ্টৰ পৰা কাৰাবন্দী হৈ আছিল নন্দিনী কাশ্যপ । প্ৰথম অৱস্থাত ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল নন্দিনী কাশ্যপক । ইফালে অভিনেত্ৰীগৰাকীৰ জামিন সন্দৰ্ভত অধিবক্তা বিজন মহাজনে কয়, ”আৰক্ষীৰ উপযুক্ত তথ্য প্ৰমাণৰ অভাৱত জামিন লাভ কৰিলে নন্দিনী কাশ্যপে । আৰক্ষীয়ে সন্নিবিষ্ট কৰা ১০৫ ধাৰা যুক্তিহীন আছিল । নন্দিনীৰ বিৰুদ্ধে আছিল Drink and driver ৰ অভিযোগ । কিন্তু আৰক্ষীয়ে আদালতত তথ্য প্ৰমাণ কৰিব নোৱাৰিলে এই কথা ।” ”৫০০০০ টকা জৰিমনা আৰু জামিনদাৰৰ জৰিয়তে জামিননামা দাখিল কৰিব পাৰিব নন্দিনীয়ে । পাছপোৰ্ট, ভিছাৰ চৰ্ত সাপেক্ষে নন্দিনীক জামিন দিয়া হৈছে । ভিছা, পাছপোৰ্ট জমা দিব লাগিব ছেছন আদালতত ।” বিজন মহাজনে কয় । উল্লেখ্য যে, বিগত ২৫ জুলাইৰ পুৱতি নিশা মহানগৰীৰ কাহিলীপাৰাৰ দক্ষিণগাঁৱত তীব্ৰ বেগত চলাই অহা নিজৰ বলেৰ’ বাহনখনেৰে বিপৰীত দিশৰ পৰা এখন স্কুটীত আহি থকা ছামিউল হক নামৰ ২১ বছৰীয়া যুৱকজনক খুন্দা মাৰি পলায়ন কৰিছিল অভিনেত্ৰীগৰাকীয়ে । তাৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল যুৱকজনক । পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে যুৱকজনক ভৰ্তি কৰোৱা হৈছিল মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত । কিন্তু যোৱা ২৯জুলাই তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে নলবাৰীৰ ছামিউল হকে ।