জামিন পালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে

জামিন পালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে

ৰঙিলী বাৰ্ত্তাসেৱা-  জামিন পালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। উচ্চতম ন্যায়ালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন আবেদন সন্দৰ্ভত ৰায়দান কৰে । ১ জুনলৈ অন্তৰ্ৱৰ্তীকালীন জামিন লাভ কৰিলে অৰবিন্দ কেজৰিৱালে। উল্লেখযোগ্য যে আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক কেজৰিৱালক ২১ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল। আজি উচ্চতম ন্যায়ালয়ে কাৰাবন্দী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অন্তৰ্ৱৰ্তীকালীন জামিন আবেদনৰ শুনানি গ্ৰহণ কৰে।আদালতৰ এই সিদ্ধান্তৰ পিচতে দিল্লীৰ আম আদমী পাৰ্টিৰ কাৰ্যালয়ত ব্যাপক উচাহ দেখিবলৈ পোৱা গৈছে ।উল্লেখ্য যে, ২১ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰা কেজৰিৱাল বৰ্তমান তিহাৰ কাৰাগাৰত বন্দী হৈ আছে। ইডিৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে কেজৰিৱালে প্ৰথমে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল যদিও ন্যায়ালয়ে এই আবেদন অগ্ৰাহ্য কৰে। ইয়াৰ পিছতে অৰবিন্দ কেজৰিৱাল উচ্চতম ন্যায়ালয়ৰ সৰনাপন্ন হয় । উচ্চতম ন্যায়ালয়ে তেওঁৰ আবেদন গ্ৰহণ কৰি শুনানি গ্ৰহণ কৰে আৰু আজি তেওঁক ১ জুনলৈকে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। গোচৰটোৰ শুনানিৰ সময়ত যোৱা ৭ মে’ত ন্যায়ালায়ে কেজৰিৱালক লোকসভাৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰাৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰাৰ এক ইংগিত প্ৰদান কৰিছিল। অৱশ্যে ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিলেও অৰবিন্দ কেজৰিৱালে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰাৰ বাহিৰে মুখ্যমন্ত্ৰী হিচাপে কোনোধৰণৰ অফিচিয়েল ডিউটি পালন কৰিব নোৱাৰিব বুলিও উল্লেখ কৰিছে।অৰবিন্দ কেজৰিৱালে ২ জুনত আত্মসমৰ্পণ কৰিব। ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপাংকৰ দত্তৰ খণ্ড বিচাৰপীঠে এই ৰায় প্ৰদান কৰে।