অণুগল্প
জাপি
ৰশ্মি ৰেখা দুৱৰা
বৰষুণৰ বতৰ আহিলেই প্ৰিয়াৰ মনত দুখৰ সীমা নাইকিয়া হয়।উচুপি উঠিলেও বুজ লোৱা ব্যক্তিৰ অভাৱ।ঘৰত আহি পোৱাৰ পাছত দেউতাকে সুধিলে,
: মাজনী, মনটো কিয় মাৰি আছা।গা ভাল নহয় নেকি?
: দেউতা, আজি স্কুললৈ গৈ থাকোঁতে ইমান ডাঙৰ বৰষুণ দিছিল,সকলোৱে নিজৰ নিজৰ ছাটিত সোমাল।মই আৰু দলিয়ে তিতি জুৰুলি-জুপুৰি হৈ স্কুল পালোঁগৈ।কোনোৱেই আমাক ছাটিত সোমাব নিদিলে।
দুখত ম্ৰিয়মাণ প্ৰিয়াক দেউতাকে মৰমেৰে কৈছ,
: মাজনী,তুমি মন বেয়া কৰি থাকিলে ভগৱানে কষ্ট পাব।মন বেয়া নকৰিবা।মোৰ পথাৰলৈ লৈ যোৱা জাপিটোকে কাইলৈ পৰা লৈ যাবা।মই পুৰণি জাপিটোকে বৰষুণ দিলে ল’ব পাৰিম।
: ঠিক আছে,দেউতা।