জাপি-শৰাই নিৰ্মাণেৰে ‘অফিচিয়েল ৱৰ্ল্ড ৰেকৰ্ডছ’ত স্থান লাভ ডিব্ৰুগড়ৰ ড০ মৌচুম সোণোৱালৰ

জাপি-শৰাই নিৰ্মাণেৰে ‘অফিচিয়েল ৱৰ্ল্ড ৰেকৰ্ডছ’ত স্থান লাভ ডিব্ৰুগড়ৰ ড০ মৌচুম সোণোৱালৰ: ৩০ হাজাৰ জাপি ৩ হাজাৰ শৰাই নিৰ্মাণেৰে আভিলেখ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ইউৰোপীয়ান ইউনিয়নৰ দ্বাৰা অনুমোদিত  বিখ্যাত সংগঠন ‘অফিচিয়েল ৱৰ্ল্ড ৰেকডৰ্ছ’ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড়ৰ সমীপৱৰ্তী জকাই অঞ্চলৰ কলিয়নী গাঁৱৰ চিত্ৰশিল্পী ড॰ মৌচুম সোণোৱাল৷ পেলনীয়া থাৰ্ম’কলৰ জৰিয়তে সজা অসমীয়াৰ স্বাভিমান হিচাপে পৰিচিত ৩০ হেজাৰ জাপি আৰু তিনি হেজাৰ শৰাই  নিৰ্মাণ কৰি এই সাফল্য লাভ কৰিছে মৌচুমে৷ অনলাইনযোগে  আজি (২-৪-২৫) দুপৰীয়া ডিব্ৰুগড় জিলাৰ লেঙেৰী অঞ্চলৰ নখাট হাইস্কুলৰ খেলপথাৰত জকাইৰ জোনাক আৰ্ট একাডেমী অনুষ্ঠানটিৰ উদ্যোগত, নখাট জাতীয় বিদ্যালয় আৰু ৰাইজৰ সহযোগত  উল্লিখিত সংখ্যক জাপি আৰু শৰাই নিৰ্মাণ কৰি ৰাজহুৱাকৈ প্ৰদৰ্শন কৰে সহস্ৰাধিক ৰাইজৰ সন্মুখত৷ এই উপলক্ষ্যে পুৱাৰ ভাগত দুয়োটা সংগঠনৰ পতাকা উত্তোলনৰ পিছতে  ফিটা কাটি জাপি আৰু শৰাই প্ৰদৰ্শন কাৰ্যৰ উদ্বোধন কৰে জকাই হাইস্কুলৰ অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক তথা লেখক, সমাজসেৱক সমীৰণ কুমাৰ দাসে৷  শিক্ষক তথা জোনাক আৰ্ট একাডেমীৰ সভাপতি টংকেশ্বৰ সোণোৱালৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভা আৰু আনুষ্ঠানিক স্বীকৃতিপত্ৰ প্ৰদান অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে নখাট জাতীয় বিদ্যালয়ৰ অধ্যক্ষ লীলা চুতীয়াই৷ সভাত  উপস্থিত থাকি মুখ্য অতিথি সমীৰণ কুমাৰ দাসৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা লেঙেৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰাজেন বৰুৱা, ধেমাজীৰ মনালিছা আৰ্ট একাডেমীৰ অধ্যক্ষ ড॰ প্ৰণৱ কুমাৰ দিহিঙীয়া, জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকা আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য বদন চন্দ্ৰ সোণোৱাল, চহৰীকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভূৱন সোণোৱালে শুভেচ্চামূলক ভাষণ প্ৰদান কৰি ড॰ মৌচুম সোণোৱালৰ এই সৃষ্টিশীল কৰ্মৰ বাবে শুভেচ্ছা জ্ঞাপনৰ লগতে অসম আৰু অসমীয়াক এই কাৰ্যৰ জৰিয়তে বিশ্ব দৰবাৰলৈ আগবঢ়াই গৌৰৱান্বিত কৰিলে বুলি ভূয়সী প্ৰশংসা কৰে৷ ইয়াৰ পিছতে মৌচুম সোণোৱালৰ লগতে তেওঁক এই কাৰ্যত সহযোগিতা কৰা ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ ৬১ গৰাকী  ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে উপস্থিত অতিথি সকলৰ দ্বাৰা প্ৰমাণপত্ৰ প্ৰদান কৰা হয়৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে এই সন্মান লাভ কৰি নিজৰ অনুভৱত ড॰ মৌচুম সোণোৱালে পেলনীয়া মাছৰ কাৰ্টুন বিচাৰি কৰা বিভিন্ন তিতা-কেঁহা অভিজ্ঞতা আৰু এই কাৰ্যত উপনীত হ’বৰ বাবে আৰু নিজৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিজৰ পকেটৰ পৰা লক্ষাধিক টকা খৰছ কৰাৰ কথাও উল্লেখ কৰি এইক্ষেত্ৰত আৰ্থিক দিশত সহযোগিতা কৰা বিভিন্নজন ব্যক্তি আৰু সংবাদ মাধ্যমৰ সহযোগিতাৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে৷ অনুষ্ঠানত মৌচুম সোণোৱালৰ পিতৃ লোহিত সোণোৱাল, মাতৃ সুমিত্ৰা সোণোৱাল, নখাট জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠাপক কুশধৰ সোণোৱাল, আয়োজক সমিতিৰ সভাপতি ৰিংকু গগৈকে ধৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷ উক্ত অনুষ্ঠানতে কণ্ঠশিল্পী বিতু বৰুৱাৰ কথা আৰু সুৰেৰে সজোৱা, হিমাংশু বুঢ়াগোহাঁইৰ ব্যৱস্থাপনাৰে  জোনাক আৰ্ট একাডেমীৰ নামত উছৰ্গিত এটি গীত মুকলি কৰা হয়৷ উল্লেখ্য যে ২০০৯ চনৰ ৩ মাৰ্চৰ পৰা এই অভিযান আৰম্ভ কৰা জোনাক আৰ্ট একাডেমিৰ অধ্যক্ষ তথা চিত্ৰশিল্পী ড॰ মৌচুম সোণোৱালে প্ৰথমে অসম ৰেকৰ্ড, ভাৰত ভিত্তিত এই ৰেকৰ্ড কৰাৰ পিছত আজিৰ দিনটোত লণ্ডনৰ এই সংগঠনটোৰ পৰা ‘বিশ্ব ৰেকৰ্ড’ৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়৷